You don't have javascript enabled. Please Enabled javascript for better performance.

বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত ASPIRe প্ৰকল্পৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা

Start Date: 01-08-2017
End Date: 15-08-2017

সৰ্বাঙ্গীন বিত্তীয় ব্যৱস্থাপনা সমিতি, অসমে (বিত্ত বিভাগৰ অধীনৰ এখন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সৰ্বাঙ্গীন বিত্তীয় ব্যৱস্থাপনা সমিতি, অসমে (বিত্ত বিভাগৰ অধীনৰ এখন পঞ্জীয়নকৃত সমিতি) বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত ASPIRe প্ৰকল্পৰ বাবে এখন ল’গ’ ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
বাজেট কাৰ্যকৰীকৰণত স্বচ্ছ ব্যৱস্থাপনা আৰু কৰ ব্যৱস্থাৰ উন্নয়ন সাধন ইয়াৰ মূল লক্ষ্য। এই প্ৰকল্পই সকলো চৰকাৰী বিভাগ আৰু বিষয়া- কৰ্মচাৰী বিশেষকৈ বিত্ত, কৰ আৰু আবকাৰী বিভাগক উপকৃত কৰিব। কাৰ্যকৰী প্ৰক্ৰিয়া, ইলেকট্ৰনিক পৰিশোধ আৰু সেৱা সংগ্ৰহৰ লেখীয়া উন্নত সেৱা প্ৰদান, স্বচ্ছ ৰাজহুৱা ক্ৰয় আৰু কৰ দাতা সেৱাৰ জৰিয়তে অসমৰ জনসাধাৰণে সুফল লাভ কৰিব।

ল’গ’ ডিজাইনত গুৰুত্ব দিব লগীয়া বিষয় সমূহ :
• ৰাজহুৱা বিত্ত সংস্কাৰ
• উন্নত সেৱা প্ৰদান ব্যৱস্থা
• ইলেকট্ৰনিক পৰিশোধ আৰু সেৱা সংগ্ৰহ
• স্বচ্ছ ৰাজহুৱা ক্ৰয়
• উন্নত কৰ দাতা সেৱা
• বাজেট ৰূপায়ন প্ৰতিবেদন সম্পৰ্কে ৰাইজক অৱগতকৰণ
• আবকাৰী বিভাগত কৰ ৰাজহ সংগ্ৰহৰ ব্যয় হ্ৰাস

বিজয়ী প্ৰতিযোগীলৈ নগদ ১০,০০০ টকাৰ পুৰস্কাৰ
প্ৰেৰণৰ অন্তিম তাৰিখ : ১৫ আগষ্ট, ২০১৭

নিয়মাৱলী
JPG অথবা PNG ত উপলব্ধ হ'ব লাগিব।
Illustrator ৰ যোগেদি নিৰ্মাণ কৰাটো বাঞ্চনীয়।
ল'গ'ৰ আকাৰ কমেও দুই ইঞ্চি ডাঙৰ হোৱাটো প্ৰয়োজনীয়।
300 pixel ত হাই ৰিজলিউচনত হোৱাটো প্ৰয়োজনীয়।
ল'গ' ডিজাইন স্বচ্ছ হোৱাটো প্ৰয়োজনীয়।
প্ৰেৰণকাৰীৰ নাম ঠিকনাসহ বিতং তথ্য লগত দিয়াটো প্ৰয়োজনীয়।
নিৰ্বাচিত ল'গ' অসম চৰকাৰৰ সম্পত্তি হিচাবে বিবেচিত হ'ব।
যিকোনো ধৰণে এই ল'গ' অসম চৰকাৰে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব।
অসম চৰকাৰে এই প্ৰতিযোগিতা যিকোনো সময়ত বন্ধ কৰাৰ অধিকাৰ লগত ৰাখে।
ল'গ' ডিজাইন সম্পূৰ্ণ নিজা হোৱাটো প্ৰয়োজনীয়।
অসম চৰকাৰৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ'ব।
ল'গ' ডিজাইন একক অথবা দলগত হ'ব পাৰে।
ASPIRe প্ৰকল্পক এই ল'গই কেনেদৰে প্ৰতিনিধিত্ব কৰে সেই সম্পৰ্কে এটা টোকা লগত প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।

সকলো মন্তব্য
মুঠ অৱদান ( 52) অনুমোদিত অৱদানসমূহ (52) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
52 তথ্য পোৱা গ’ল
1300

DEEPRAJ DUTTA 7 বছৰ 10 হিচাপপূৰ্বে

The Designed Logo for the World Bank aided ASPIRe Project, for the Assam Government.
For this Logo Importance has been given to the concept of "Electronic Commerce".
The Indian Currency also finds its place in the logo as a symbol to Portray the Project for the Country.
As it is Funded by the World Bank, thus the Concept of World Bank also appears in the logo.