You don't have javascript enabled. Please Enabled javascript for better performance.

পথ সুৰক্ষাৰ বাবে পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা

Start Date: 07-04-2017
End Date: 11-05-2017

প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য কাৰকতকৈ পথ দূৰ্ঘটনাত ভাৰতবৰ্ষত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য কাৰকতকৈ পথ দূৰ্ঘটনাত ভাৰতবৰ্ষত অধিক মানুহৰ মৃত্যু হয়। পৰিসংখ্যা মতে দেশত প্ৰতিদিনে প্ৰায় ৪০০ মানুহ পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। দুৰ্ঘটনাজনিত আৰু পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ অসম চৰকাৰে বহু পদক্ষেপ হাতত লৈছে। অসাৱধানতা আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতাৰ অভাৱৰ ফলত পথ দুৰ্ঘটনা সমূহ সংঘটিত হৈ আহিছে।
অসমত পথ সুৰক্ষাৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ মাই গভ্ অসমে পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।
দাখিলৰ অন্তিম তাৰিখ : ১০ মে, ২০১৭

নিয়মাৱলী:
• পোষ্টাৰ ১৭X২৩ ইঞ্চি জোখৰ পৰ্ট্ৰেইট অথবা লেণ্ডস্কেপ আকৃতিৰ হ’ব লাগিব।
• PDF অথবা JPEG ফৰমেটত দাখিল কৰিব লাগিব।
• দাখিল কৰা পোষ্টাৰ সম্পূৰ্ণ নিজা হ’ব লাগিব।
• যোগদানকাৰী ব্যক্তি গৰাকীয়ে নিজেই সজা পোষ্টাৰ দাখিল কৰাটো বাঞ্চনীয়। এগৰাকী ব্যক্তিয়ে কেইবাখনো পোষ্টাৰ দাখিল কৰিব নোৱাৰিব।
• পোষ্টাৰত কোনোধৰণৰ ৱাটাৰমাৰ্ক থাকিব নোৱাৰিব।
• পোষ্টাৰ ডিজিটেল ফৰমেটত দাখিল কৰিব লাগিব।
• পোষ্টাৰ অসমীয়া অথবা ইংৰাজী ভাষাত দাখিল কৰিব লাগিব।

সকলো মন্তব্য
Total Submissions ( 54) Approved Submissions (47) Submissions Under Review (7) জমা বন্ধ
#RoadSafety, #MyGov, #AssamMyGov
Reset
47 তথ্য পোৱা গ’ল