You don't have javascript enabled. Please Enabled javascript for better performance.

কিতাপ পঢ়াৰ আনন্দ

Start Date: 30-04-2021
End Date: 31-05-2021

আমাৰ বৌদ্ধিক বিকাশৰ এক অন্যতম আধাৰ হ’ল গ্ৰন্থ অধ্যয়ন। গ্ৰন্থ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
কিতাপ পঢ়াৰ আনন্দ

আমাৰ বৌদ্ধিক বিকাশৰ এক অন্যতম আধাৰ হ’ল গ্ৰন্থ অধ্যয়ন। গ্ৰন্থ অধ্যয়ন কেৱল জ্ঞান বৃদ্ধিৰ অন্যতম উৎসই নহয়, বাল্যকাল তথা কিশোৰাৱস্থাত গঢ়ি উঠা গ্ৰন্থ চৰ্চাৰ অভ্যাসে পাছলৈ মানসিক উৎকৰ্ষ সাধনতো প্ৰভূত বৰঙণি আগবঢ়ায়।
ছাত্ৰাৱস্থাত ভাল ভাল গ্ৰন্থ পঢ়াৰ প্ৰতি ধাউতি বঢ়োৱাৰ উদ্দেশ্যে মাই গভ অসমে অসম প্ৰকাশন পৰিষদৰ সহযোগত গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ছাত্ৰ –ছাত্ৰীসকলে নিজৰ প্ৰিয় তিনিখন গ্ৰন্থৰ নাম উল্লেখ কৰি গ্ৰন্থকেইখন পঢ়ি ভাল লগাৰ কাৰণ সম্পৰ্কীয় একোটাকৈ লেখা আমালৈ প্ৰেৰণ কৰিব পাৰে।
অংশগ্ৰহণকাৰী শ্ৰেণী: পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ
শ্ৰেষ্ঠ দহগৰাকী অংশগ্ৰহণকাৰীলৈ আগবঢ়োৱা হ’ব অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা কিতাপৰ টোপোলা আৰু একোখনকৈ প্ৰশংসা পত্ৰ
অংশগ্ৰহণৰ অন্তিম তাৰিখ: ৩১ মে’ ২০২১
লেখাৰ লগত নিজৰ নাম, ঠিকনা, বিদ্যালয়ৰ নাম, যোগাযোগ নম্বৰ প্ৰেৰণ কৰাটো বাধ্যতামূলক। লেখা প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 71) অনুমোদিত অৱদানসমূহ (67) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (4) জমা বন্ধ
Reset
67 তথ্য পোৱা গ’ল
500

MissSukanyaBora 2 বছৰ 11 হিচাপপূৰ্বে

মোৰ প্ৰিয় তিনিখন গ্ৰন্থৰ ভাল লগা কাৰণ সম্পৰ্কে তলত অতি সংক্ষেপে উল্লেখ কৰা হ'ল-
১.মৌন ওঁঠ মুখৰ হৃদয়
লেখক-য়েছে দৰজে ঠংচি
প্ৰথম প্ৰকাশ-২০০১
প্ৰকাশক-বনলতা
মোৰ মানত "মৌন ওঁঠ মুখৰ হৃদয়" এখন উৎকৃষ্ট উপন্যাস।প্ৰেম,ভালপোৱা,ঐক্য আদিবোৰেৰে পৰিপূৰ্ণ এই গ্ৰন্থখনে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।ৰাস্তা নিৰ্মাণ কাৰ্যৰ যোগেদি লেখকে এটি প্ৰেমৰ কাহিনীৰ সৰস বৰ্ণনা দিছে।তাৰ লগতেই জড়িত কৰিছে পাহাৰৰ জনজাতি সকলৰ ৰীতি নীতি,আবেগ,পৰম্পৰা ইত্যাদিবোৰ।ৰাস্তা নিৰ্মাণ কাৰ্যৰ লগতেই পাহাৰৰ জাতি জনজাতি সকলৰ

150230

Jyotiska boruah 2 বছৰ 11 হিচাপপূৰ্বে

এখন কিতাপ এজন ভাল বন্ধুৰ দৰে ৷ অকলশৰীয়া বা আজৰি সময়ত এখন ভাল কিতাপ পঢ়ি সময় কটোৱাৰ ওপৰিও গুৰুত্বপূৰ্ণ কথা অধ্যয়ণৰ জৰিয়তে জ্ঞান পাৱ পাৰি ৷