You don't have javascript enabled. Please Enabled javascript for better performance.

অসম দক্ষতা বিকাশ অভিযানে আয়োজন কৰিছে ল’গ’ ডিজাইন প্ৰতিযোগিতা

Start Date: 06-05-2017
End Date: 07-06-2017

মানৱ সম্পদে এখন সমাজ তথা এখন ৰাজ্য আৰ্থিক, সামাজিক, শৈক্ষিক, ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মানৱ সম্পদে এখন সমাজ তথা এখন ৰাজ্য আৰ্থিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে প্ৰগতিৰ পথত আগুৱাই নিয়ে। উপযুক্ত শিক্ষাৰে যুৱপ্ৰজন্মৰ দক্ষতা বিকাশ সম্ভৱ হ’লেহে প্ৰকৃত মানৱ সম্পদ গঢ় দিব পৰা যায়। আমাৰ ৰাজ্যত দক্ষ মানৱ সম্পদৰ অভাৱৰ বাবে নিবনুৱাৰ সমস্যাটো অধিক জটিল সমস্যা ৰূপে পৰিগণিত হ’বলৈ লৈছে।

সেয়েহে ৰাজ্য চৰকাৰে অসম দক্ষতা বিকাশ অভিযানৰ দ্বাৰা আমাৰ যুৱ প্ৰজন্মক বিভিন্ন ক্ষেত্ৰত দক্ষ কৰি তোলাৰ লগতে অসমৰ নিবনুৱা সমস্যাটো দূৰ কৰাৰ উপৰিও উদ্যমিতাৰ ন ন সুযোগ সৃষ্টিৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ দ্বাৰা অসমৰ যুৱ প্ৰজন্মৰ উপাৰ্জন বৃদ্ধিৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক দিশটোৰো উন্নয়ন সম্ভৱ হৈ পৰিব।
অসম ৰাজ্যিক দক্ষতা বিকাশ অভিযানে ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডতে বিভিন্ন দক্ষতা বিকাশ কাৰ্যসূচীসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। বিভিন্ন হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে এই অভিযানৰ অধীনত সময়ে সময়ে বিভিন্ন ক্ষেত্ৰত অসমৰ যুৱ প্ৰজন্মক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে।

প্ৰতিযোগিতা-
অসম ৰাজ্যিক দক্ষতা বিকাশ অভিযানে আয়োজন কৰিছে ল’গ’ ডিজাইন প্ৰতিযোগিতা। শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত হোৱা ল’গ’টো অভিযানৰ অফিচ ৱেবচাইটৰ ল’গ’ হিচাবে ব্যৱহাৰ কৰা হ’ব আৰু এই ল’গ’টোৱে অসম ৰাজ্যিক দক্ষতা বিকাশ অভিযানক এক বিশেষ পৰিচয় প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

অন্তিম তাৰিখ- ০৬/০৬/২০১৭
পুৰস্কাৰ – নগদ ২০,০০০ টকা আৰু প্ৰমাণ পত্ৰ

নিয়মাৱলী
JPG অথবা PNG ত উপলব্ধ হ'ব লাগিব।
Illustrator ৰ যোগেদি নিৰ্মাণ কৰাটো বাঞ্চনীয়।
ল'গ'ৰ আকাৰ কমেও দুই ইঞ্চি ডাঙৰ হোৱাটো প্ৰয়োজনীয়।
300 pixel ত হাই ৰিজলিউচনত হোৱাটো প্ৰয়োজনীয়।
ল'গ' ডিজাইন স্বচ্ছ হোৱাটো প্ৰয়োজনীয়।
প্ৰেৰণকাৰীৰ নাম ঠিকনাসহ বিতং তথ্য লগত দিয়াটো প্ৰয়োজনীয়।
নিৰ্বাচিত ল'গ' অসম চৰকাৰৰ সম্পত্তি হিচাবে বিবেচিত হ'ব।
যিকোনো ধৰণে এই ল'গ' অসম চৰকাৰে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব।
অসম চৰকাৰে এই প্ৰতিযোগিতা যিকোনো সময়ত বন্ধ কৰাৰ অধিকাৰ লগত ৰাখে।
ল'গ' ডিজাইন সম্পূৰ্ণ নিজা হোৱাটো প্ৰয়োজনীয়।
অসম চৰকাৰৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ'ব।
ল'গ' ডিজাইন একক অথবা দলগত হ'ব পাৰে।
অসম দক্ষতা বিকাশ অভিযানক এই ল'গই কেনেদৰে প্ৰতিনিধিত্ব কৰে সেই সম্পৰ্কে এটা টোকা লগত প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।

সকলো মন্তব্য
মুঠ অৱদান ( 147) অনুমোদিত অৱদানসমূহ (132) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (15) জমা বন্ধ
Reset
132 তথ্য পোৱা গ’ল
300

Mayukh Deb 8 বছৰ 1 সপ্তাহ পূৰ্বে

The logo for ASDM is simple in its approach as its meaning and as visual identity of the body. The logo can be seen as a structure taken from the Assamese letter 'স'. The dividing white line makes the letter 'S' prominent for the word skill. The overall structure of the logo symbolises a human figure with the mood of achievement or acquiring something. This goes with the idea of ASDM of acquiring skill and achieve something. The color used is orange and red showing enthusiasm and boldness resp.

600

Wazid Ahmed 8 বছৰ 1 সপ্তাহ পূৰ্বে

The Logo is Designed for Assam Skill Development Mission (ASDM), In this logo the three growing people indicate the importance of skill, the gear & mouse is indicating the tools of skill & the Assamese proverb indicates the aim of the mission & the three colours also indicates our Nationality.

159520

naresh agrawal 8 বছৰ 2 সপ্তাহ পূৰ্বে

Logo Concept:
Human figure denote the Youth empowerment.Spanner ,Gear and Pencil are denote the Youth Development Tools to enriching the live.All connection element represent the participation, enhance control through shared decision making, and create opportunities to learn, practice, and increase skills.