You don't have javascript enabled. Please Enabled javascript for better performance.

অসম চৰকাৰৰ বন বিভাগৰ বাবে ল'গ' ডিজাইন প্ৰতিযোগিতা

Start Date: 30-01-2022
End Date: 20-02-2022

বন বিভাগ, অসম বনাঞ্চল, বিল, নদী আৰু বন্যপ্ৰাণীকে ধৰি পৰিৱেশৰ সুৰক্ষা ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বন বিভাগ, অসম বনাঞ্চল, বিল, নদী আৰু বন্যপ্ৰাণীকে ধৰি পৰিৱেশৰ সুৰক্ষা আৰু বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।মানৱ জাতিৰ স্বাস্থ্য ৰক্ষাৰ বাবে অৰণ্য আৰু বন্যপ্ৰাণীৰ গুৰুত্ব অসীম।

বন বিভাগৰ তৰফৰ পৰা মাই গভ্ অসমৰ সহযোগিতাত এখন ল'গ' ডিজাইন আৰু শ্লোগান প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

প্ৰাইজমানী : ১০,০০০ টকা

শ্ৰেষ্ঠ বিবেচিত ল'গ' পৰৱৰ্তী সময়ত অসম চৰকাৰৰ বন বিভাগৰ বিভাগীয় ল'গ' হিচাপে বিবেচিত হ'ব

জমা দিয়াৰ অন্তিম তাৰিখ : ১৫ ফেব্ৰুৱাৰী, ২০২২

নিয়মাৱলী

• ল'গ'ত বন বিভাগৰ উদ্দেশ্য প্ৰকাশ হ'ব লাগিব
• • ল'গ'সমূহ assam.mygov.inৰ 'কাৰ্য' শিতানত জমা দিব লাগিব
•নিৰ্বাচিত ল'গ' অসম চৰকাৰৰ সম্পত্তি হিচাপে বিবেচনা কৰা হ'ব
••ডিজাইনাৰসকলে তেখেতৰ সঠিক নাম, ঠিকনা, ফোন নম্বৰ আৰু ই-মেইল উল্লেখ কৰিব লাগিব
• ল'গ'টোৰ ডিজাইন সমতল হোৱাৰ লগতে 3D অথবা Shadow Effect থাকিব নোৱাৰিব
• • ভেক্টৰ ছফ্টৱেৰত নিৰ্মিত ল'গ'ক প্ৰাথমিকতা প্ৰদান কৰা হ'ব
• ডিজাইনিঙৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা ছফ্টৱেৰৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক
• • ৰং ব্যৱহাৰৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা নাই
• ল'গ'ৰ চমু বিৱৰণ প্ৰদান কৰাটো বাধ্যতামূলক
• • ল'গ'টো JPG অথবা PNG ফৰ্মেটত প্ৰেৰণ কৰিব লাগিব
• ল'গ' ডিজাইনৰ ক্ষেত্ৰত কোনোধৰণৰ চৌৰ্যবৃত্তি অথবা কপীৰাইট সুৰক্ষিত থকা কোনো ফটোগ্ৰাফ, চিহ্ন, ছবি আদি ব্যৱহাৰ কৰিব নোৱাৰিব। অংশগ্ৰহণকাৰীসকলে ল'গ' ডিজাইনিঙত কোনোধৰণৰ ছাপ অথবা ৱাটাৰমাৰ্ক প্ৰদান কৰিব নোৱাৰিব। প্ৰতিটো প্ৰবিষ্টিক প্ৰকৃত কাম হিচাপে প্ৰমাণিত কৰিব লাগিব
• •প্ৰতিটো শ্ৰেণীত প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ বিপৰীতে এটা প্ৰবিষ্টিক বিবেচনা কৰা হ'ব।

সকলো মন্তব্য
মুঠ অৱদান ( 85) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (85) জমা বন্ধ