You don't have javascript enabled. Please Enabled javascript for better performance.

গ্ৰামাঞ্চলত ক্ৰীড়া আৰু খেলুৱৈ সকলৰ প্ৰতিভা বিকাশ সম্পৰ্কে মতামত আহ্বান

Start Date: 30-11-2018
End Date: 31-12-2019

অসম বৰ্তমান ক্ৰীড়াক্ষেত্ৰত দেশৰ ভিতৰতে এখন উজলি উঠা এক ৰাজ্য হৈ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম বৰ্তমান ক্ৰীড়াক্ষেত্ৰত দেশৰ ভিতৰতে এখন উজলি উঠা এক ৰাজ্য হৈ পৰিছে। বিশ্ব চেম্পিয়নশ্বিপ সমূহ, এছিয়ান গেমচ, ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতাত অসমৰ খেলুৱৈ সকলে নিজৰ প্ৰতিভাৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা দেশৰ নাম উজলাই তুলিছে। বিশেষভাবে উল্লেখ কৰিব লগীয়া কথা এয়ে যে বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত উজলি উঠা তাৰকা সকলৰ বেছিভাগেই অসমৰ গ্ৰামাঞ্চলক প্ৰতিনিধিত্ব কৰি আহিছে। অসম চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰখনক গুৰুত্ব সহকাৰে লৈছে যাৰ বাবে ইতিমধ্যে গুৱাহাটী মহানগৰ দেশৰ ক্ৰীড়া চহৰ হিচাবে পৰিচিত হৈ উঠিছে।
অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক উজলাই তোলাৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ খেলুৱৈ সকলৰ অৱদান অপৰিসীম। গ্ৰামাঞ্চলত লুকাই থকা প্ৰতিভা সমূহ বিচাৰি উলিয়াই আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম আৰু দেশক প্ৰতিনিধিত্ব কৰিবলৈ সাজু কৰি তোলাৰ যথেষ্ট থল আছে। গ্ৰামাঞ্চলৰ খেলুৱৈ সকলক কেনেদৰে ক্ৰীড়াৰ ক্ষেত্ৰখনক প্ৰতিনিধিত্ব কৰাৰ সুবিধা কৰি দিব পাৰি আৰু গ্ৰামাঞ্চলত খেলা-ধূলাৰ বিকাশ সন্দৰ্ভত মাই গভ অসমে ৰাইজৰ মতামত কামনা কৰিছে। আপোনালোকৰ মতামত আমাক জনাব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Reset
14 তথ্য পোৱা গ’ল
931060

Susanta Kumar Pattnaik 4 বছৰ 9 হিচাপপূৰ্বে

Rural sports has taken a new shape and to promote rural stadiums and sports centers are became auxiliary.Rural talents should be revived and making them in to National sports park is prime at this instance.Game is spirit of excellence and should have wide coverage and rural sports are encouraged to be the part of National and International sports arena.Games say Kabadi,a rural sports has International repute.More rural sports hostels,training centers,stadiums and women & men sports clubs are to

7770

Madhurjya Protim Saikia 4 বছৰ 11 হিচাপপূৰ্বে

গ্ৰামাঞ্চলৰ পৰা খেলুৱৈক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত উলিয়াই নিবলৈ মই ভাঁবো প্ৰথমে বিদ্যালয় সমূহত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগিব। বিশেষকৈ উচ্চ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহত খেলৰ প্ৰতি সচেতনতা বা গুৰুত্ব আপেক্ষিকভাৱে এতিয়াও কম হৈ আছে , যাৰ ফলত হয়টো বহু প্ৰতিভা বিকাশত বাধাৰ সৃষ্টি হৈছে । আন্ত:গাঁথনিৰ অভাৱ, পুঁজিৰ অভাৱৰ ফলত বিদ্যালয় সমূহত সঘনাই খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা নাযায় । সেয়ে চৰকাকৰে নিজা ববীয়াকৈ বা কোনো স্বেচ্ছাসেৱী অনুষ্ঠানৰ জড়িয়তে ব্যৱস্থা লব পাৰে।

  •