You don't have javascript enabled. Please Enabled javascript for better performance.

আপুনি ভ্ৰমণ কৰা অসমৰ অল্প খ্যাত ঠাই সমূহৰ বিৱৰণ

Start Date: 27-09-2019
End Date: 30-09-2020

অপৰূপ প্ৰকৃতি সৌন্দৰ্য, বনজ সম্পদ, চহকী ঐতিহ্য, কলা-সংস্কৃতি আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অপৰূপ প্ৰকৃতি সৌন্দৰ্য, বনজ সম্পদ, চহকী ঐতিহ্য, কলা-সংস্কৃতি আৰু বুৰঞ্জীৰে পৰশা অসম ভূমি। পৰ্যটনৰ অপাৰ সম্ভাৱনা থকা ৰাজ্যখন সম্প্ৰতি দেশৰ পৰ্য্টন মানচিত্ৰত জিলিকি উঠিছে। তথাপিও পৰ্যটনৰ ক্ষেত্ৰখনক অধিক প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে।

২৭ ছেপ্তেম্বৰ বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ্ অসমে মুকলি কৰিছে আলোচনাৰ এক গুৰুত্বপূৰ্ণ বিষয়বস্তু।

আমি ভ্ৰমণ কৰি ভাল পাও। বিভিন্ন ঠাই ফুৰি সেই ঠাইৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰতো আমি গুৰুত্ব আৰোপ কৰো। আপুনি অসমৰ এনে কিছুমান ঠাই ভ্ৰমণ কৰিছে নেকি যিসমূহ ঠাই লোকচক্ষুৰ আঁৰত আছে কিন্তু হয়তো প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ আকৰৰ লগতে ইয়াত চহকী ঐতিহ্য লুকাই আছে। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই অল্প খ্যাত ঠাইসমূহৰ বিকাশ সাধনেৰে আমিও ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াব পাৰো।

আপুনি ভ্ৰমণ কৰা এনে অল্প খ্যাত ঠাই সমূহৰ বিষয়ে আপোনাৰ ভ্ৰমণ অভিজ্ঞতাৰ সৈতে লিখি আমাক জনাব পাৰে। লগত ফটো থাকিলে প্ৰেৰণ কৰাটো প্ৰয়োজনীয়। আপোনাৰ অভিজ্ঞতা আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Reset
44 তথ্য পোৱা গ’ল
220

Hiranmayee Goswami 5 বছৰ 3 হিচাপপূৰ্বে

1. Nabagraha Mandir at Kamrup Metro District. When visited I was surprised to see the scenic beauti of the Temple, The road to the Mandir is also very beautiful. Can be made a tourist spot inside the city of Guwahati.
2. The Khatara Mandir situated in Darrang District.. The original post of this mandir was made from Tulsi Tree and can be developed as a tourist place. Its distance from Mangaldai town is about 8/9 KM.
3. The Orang National Park is located at silbori.

370

Mridul Kumar Das 5 বছৰ 3 হিচাপপূৰ্বে

Kakoijana Forest Reserve is one of the place which is famous for Golden langur. Its in Bongaigaon district. Just 5 mnt walking distance from NH 37(Kakoijana,ujan Ravapara under Abhayapuri. One can see the scenic beauty of nature and golden langur by trekking the hilly areas. Local villagers of ujan ravapara are very helpful and they are doing their best to conserve the golden langur in that areas. Places are very clean and beautiful.

770

Chayanika Barman 5 বছৰ 3 হিচাপপূৰ্বে

Kamakhya Temple:
The Kamakhya Temple is situated at the Thakuranbari village,along the Assam-Meghalaya border, mainly in the Mankachar town of Assam.
It is a lesser known 'Shaktipeethas' in Meghalaya's Garo hills,which draws visitors from far-flung areas of Assam and Meghalaya. It is said that the naval of Goddess Kamakhya was found at this site. According to locals, devotees also witnesses miraculous activities.
The place is in dire need of promotion.

1140

Anurup Mahanta 5 বছৰ 4 হিচাপপূৰ্বে

দক্ষিণ কামৰূপ অঞ্চলৰ অন্যতম পৰ্যটনৰ আকৰ্ষণ কেন্দ্ৰ চানডুবি বিলৰ কথা আমি নিশ্চয়কৈ জানো। প্ৰতিবছৰে অলেখ পৰ্যটকেৰে এই ঠাইখন ঠাহ খাই পৰে। কিন্তু চানডুবি বিলৰ পৰা প্ৰায় ১৪/১৬ কিঃমি আঁতৰত বাৰেগাওঁ নামৰ এখনি গাওঁ পোৱা যায়। মেঘালয়ৰ সমীপৱৰ্ত্তী এই ঠাইখন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ। বাৰেগাওঁ অঞ্চলত থকা এটি জলপ্ৰপাতে প্ৰকৃতিপ্ৰেমীৰ মন আকৃষ্ট কৰিবলৈ যোৱা কিছু বৰ্ষৰ পৰা সক্ষম হৈছে। পৰ্যটনৰ প্ৰৱল সম্ভাৱনীয়তা থকা এই জলপ্ৰপাত যাতায়ত ব্যৱস্থাৰ অসুৱিধাৰ বাবে এই ঠাইখন পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈ উঠিব পৰা নাই।

3430

Bijit Kumar Dutta 5 বছৰ 4 হিচাপপূৰ্বে

১৯ শতিকাৰ অভিযান্ত্ৰিক বিস্ময় হাফলংৰ মিটাৰগজ ৰেলপথত দুঃসাহসিক Trekking:
* Haflong Hill railway station ৰ পৰা Harangajao Railway Station লৈ।
* বৰাইল পৰ্বতমালাৰ বুকুৰ পৰা অসমৰ একমাত্ৰ Hill Station হাফলংৰ নৈসৰ্গিক দৃশ্য উপভোগ।
* মুঠ ২১ কি.মি. শিলাময় ৰেলপথত খোজ কাঢ়িবলৈ বিৰল সুযোগ।
* জাতিংগা: পক্ষী আত্মহত্যাৰ বিস্ময়কৰ অঞ্চলৰ সোঁমাজদি।
* ১৪ টা শ্বাসৰূদ্ধকৰ সুৰংগ।
* ১৮ খন ৰোমাঞ্চকৰ ৰেল দলং।
* দৃষ্টিনন্দন বিখ্যাত Rainbow Bridge।
* ৬ টা ঐতিহ্য বহন কৰা পৰিত্যক্ত ৰেলৱে ষ্টেচন।