You don't have javascript enabled. Please Enabled javascript for better performance.

Logo Design Competition For Assam Inland Water Transport Development Society (AIWTDS)

Start Date: 09-05-2017
End Date: 10-06-2017

অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি ৰাজ্যিক পৰিবহণ বিভাগৰ এটা ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি ৰাজ্যিক পৰিবহণ বিভাগৰ এটা স্বায়ত্বশাসিত সংস্থান। ৰাজ্যৰ জল পৰিবহণ ক্ষেত্ৰখনত ব্যৱস্থাপনা, নিৰীক্ষণ আৰু সমন্বয় ৰক্ষা কৰাটো এই সংস্থাৰ মূল উদ্দেশ্য। অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰণালীৰ মসৃণ কাৰ্যপ্ৰণালীৰে পৰিবহণ ক্ষেত্ৰখনত আগভাগ লোৱাৰ লগতে দূৰ্যোগ ব্যৱস্থাপনা আৰু নদী পৰ্যটনৰ ওপৰতো গুৰুত্ব দি আহিছে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বৰ্তমান ৰাজ্যখনলৈ বিনিয়োগকাৰীসলক আকৰ্ষিত কৰিছে। অন্যন্য পৰিবহণ সেৱাতকৈ এই পৰিবহণ সেৱা হৈছে কম খৰছী আৰু পৰিৱেশ অনুকূল। সেইবাবে এই সংস্থাই ৰাজ্যৰ জল পৰিবহণ নেটৱৰ্ক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ আহ-যাহ কৰাত সহায় কৰি আহিছে।
প্ৰতিযোগিতা
অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতয়ে আগ্ৰহী প্ৰতিযোগী সকলক এটা ল’গ’ সাজি উলিওৱা প্ৰতিযোগিতাত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে। এই লগ’টোৱে সংস্থাৰ আনুষ্ঠানিক ল’গ’ হিচাবে নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিব। ডিজিটেল পৃথিৱীত এই ল’গ’টোৱে সংস্থাটোক বিভিন্ন ক্ষেত্ৰত কাৰ্যপন্থা, যোগাযোগ আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত অৰিহণা যোগাব।
যোগদানৰ অন্তিম তাৰিখ : ৯ জুন ২০১৭
শ্ৰেষ্ঠ প্ৰতিযোগীয়ে লাভ কৰিব নগদ ২০,০০০ টকা আৰু এখন প্ৰশংসা পত্ৰ

কাৰিকৰী চৰ্ত :
• ডিজাইনসমূহ JPG, PDF অথবা PNG ফৰ্মেটত পঠিয়াব লাগিব।
• ইলাষ্ট্ৰেটৰ যোগে কৰা আৰ্টৱৰ্ক গ্ৰহণীয় হ’ব। কোনো ধৰণৰ ইম্পৰ্ট কৰা ফাইল গ্ৰহণীয় নহ’ব।
• সকলো ফন্ট আউটলাইনলৈ কনভাৰ্ট কৰাটো প্ৰয়োজনীয়।
• ল’গ’ আৰ্টৱৰ্কৰ আটাইতকৈ সৰু অংশটো কমেও ২ ইঞ্চি দীঘল হ’ব লাগিব।
• ফাইল হাই ৰিজলিউচন হোৱা বাঞ্চনীয়। কমেও ৩০০ পিক্সেল প্ৰতি ইঞ্চিত (১০০% আকাৰত)
নিয়মাৱলী :
• এবাৰ পঠিওৱা ল’গ’ ডিজাইন কোনো কাৰণতে ঘূৰাই পঠিওৱা নহয়।
• চূড়ান্ত নিৰ্বাচিত ল’গ’ অসম চৰকাৰ সম্পত্তি হিচাবে বিবেচিত হ’ব আৰু ডিজাইনাৰৰ ইয়াৰ ওপৰত কোনো কৰ্তৃত্ব নাথাকিব।
• নিৰ্বাচিত ল’গ’ৰ প্ৰিন্ট, ব্যৱহাৰ আৰু পুনৰ নিৰ্মাণৰ সম্পূৰ্ণ কৰ্তৃত্ব অসম চৰকাৰৰ হাতত থাকিব।
• সকলো উল্লিখিত নিয়ম মানি চলাটো প্ৰতিযোগীসকলৰ কৰ্তব্য। অসম চৰকাৰ এই ক্ষেত্ৰত কোনো তৃতীয় পক্ষৰ ওচৰত জবাবদিহি নহ’ব।
• নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত পোৱা সকলো ডিজাইন বিশেষজ্ঞৰ এক জুৰীৰ দ্বাৰা পৰীক্ষা কৰা হ’ব।
• অসম চৰকাৰৰ যিকোনো সময়ত এই প্ৰতিযোগিতা বাতিল কৰাৰ কৰ্তৃত্ব থাকিব।
• শ্ৰেষ্ঠ প্ৰতিযোগীয়ে ২০০০০ টকাৰ নগদ ধন লাভ কৰিব আৰু ল’গ’ ৰ সকলো কৰ্তৃত্ব অসম চৰকাৰলৈ বদলি কৰিব।
• ডিজাইন নিজা হোৱাটো প্ৰয়োজনীয়। এই ডিজাইনৰ আঁৰত কোনো তৃতীয় পক্ষ জড়িত থাকিব নোৱাৰিব।
• ডিজাইন ব্যক্তিগত অথবা দলীয় প্ৰচেষ্টা হ’ব পাৰে।
• সকলো ডিজাইনৰ একোটাকৈ চমুটোকা থকাটো প্ৰয়োজনীয় আৰু অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিক ই কেনেদৰে প্ৰতিনিধিত্ব কৰিব সেয়া উল্লিখিত থকা প্ৰয়োজন।
• এগৰাকী প্ৰতিযোগীয়ে এটাতকৈ অধিক ল’গ’ ডিজাইন প্ৰেৰণ কৰিব নোৱাৰিব।

সকলো মন্তব্য
মুঠ অৱদান ( 89) অনুমোদিত অৱদানসমূহ (87) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (2) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
300

EASHAN SIKDER 6 বছৰ 11 হিচাপপূৰ্বে

It have mainly two component one is the historical ship which correlate that inland water transport is present from long time and the second component which is the different shades of water indicates the endurance and reliability of our water transport system.
lastly, colour of the logo describe its unique purpose i.e water transport.

*all components are editable