You don't have javascript enabled. Please Enabled javascript for better performance.

Assam Through Your Lens শীৰ্ষক চুটি-ছবি প্ৰতিযোগিতা

অসম হৈছে প্ৰকৃতি, কলা-সংস্কৃতি, ঐতিহ্যৰে ভৰা এখন চহকী ৰাজ্য। ইয়াত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
অন্তিম তাৰিখ-Jun 15,2019 18:25 PM IST (GMT +5.30 Hrs)

অসম হৈছে প্ৰকৃতি, কলা-সংস্কৃতি, ঐতিহ্যৰে ভৰা এখন চহকী ৰাজ্য। ইয়াত খোদিত হৈ আছে হাজাৰ বছৰীয়া ইতিহাসৰ লিপি। এই চহকী সৌন্দৰ্যক উদ্ভাষিত কৰি তোলাৰ উদ্দেশ্যে ‘জনতাৰ চৰকাৰ (MyGov Assam)’ আয়োজন কৰিছে ‘Assam Through Your Lens’ শীৰ্ষক এখন চুটি-ছবি প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ মাধ্যমেৰে বিনন্দীয়া অসমৰ কলা-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যকে ধৰি বিভিন্ন দিশ অডিঅ’ ভিডিঅ’-মাধ্যমৰ যোগেদি এক বিহংগম দৃষ্টিৰে চোৱাৰ প্ৰয়াস কৰা হ’ব। সকলোৰে বাবে মুকলি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহক আমি আমাৰ ৰূপহী অসমখনক কেমেৰাৰ মাধ্যমত এক অনন্য ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰোঅ। অংশগ্ৰহণত আগ্ৰহী সকলৰ বাবে তলত নিয়মাৱলী উপলব্ধ।

যোগদানৰ অন্তিম তাৰিখ : ১৫ জুন, ২০১৯

প্ৰথম পুৰস্কাৰ : ২৩,০০০ টকা
দ্বিতীয় পুৰস্কাৰ : ১৭,০০০ টকা

চুটি ছবি সমূহ mygovassam@gmail.com ৰ যোগেদি পঠিয়াব লাগিব। প্ৰেৰণ কৰোতে ছবিখনৰ লগতে ছবিখনৰ বিষয়বস্তু সম্পৰ্কে ১০০ টা শব্দৰ ভিতৰত এটা সাৰাংশ আৰু পৰিচালক সহ কলা-কুশলীৰ নাম প্ৰেৰণ কৰাটো বাধ্যতামূলক।

নিয়মাৱলী:

•প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ‘জনতাৰ চৰকাৰ (MyGov Assam)’ ৱেব পৰ্টেলত পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
•এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব।
•সৰ্বোচ্ছ ৫ মিনিট দৈৰ্ঘ্যৰ চুটি ছবি হোৱাটো প্ৰয়োজনীয়।
•ইমেইল যোগে চুটি ছবি প্ৰেৰণ কৰাৰ পাছত ‘জনতাৰ চৰকাৰ (MyGov Assam)’ ৱেব পৰ্টেলৰ প্ৰতিযোগিতা ঘোষণা শাখালৈ গৈ মন্তব্য শিতানত প্ৰেৰণকাৰীৰ নাম আৰু ঠিকনা প্ৰকাশ কৰাটো জৰুৰী।
•চুটি ছবি অসমৰ যিকোনো ভাষাত নিৰ্মিত হ’ব পাৰে। অসমীয়া আৰু ইংৰাজীৰ বাহিৰে অইন ভাষাত প্ৰস্তুত কৰা চুটি ছবিৰ ক্ষেত্ৰত ইংৰাজী ভাষাত চাব-টাইট্`ল থকাটো বাঞ্চনীয়।
•যদিও চুটি ছবি সমুহ অসমৰ যিকোনো বিষয়বস্তুৰ ওপৰত হ’ব পাৰে তথাপি কেন্দ্ৰীভূত বিষয়বস্তু কিছুমান হ’ল – পৰ্যটন, কলা-সংস্কৃতি, থলুৱা খাদ্য, সাজ-পাৰ, নাগৰিকৰ কৰ্তব্য ইত্যাদি
•চুটি ছবি কাহিনী (Fiction) অথবা অ-কাহিনীমূলক (Non-Fiction) হ’ব পাৰে।
•চুটি ছবিৰ মানদণ্ড উচ্চ মানবিশিষ্ট (High Definition) হোৱাটো বাঞ্চনীয়।
•এগৰাকী প্ৰতিযোগীয়ে এখন মাথো চুটি ছবি প্ৰেৰণ কৰিব পাৰিব।
•চুটি ছবিত কোনো কাৰণত আপত্তিজনক বিষয়বস্তু থাকিব নোৱাৰিব।
•সম্পুৰ্ণ গুণগত মানদণ্ড (Complete Packaging) -ৰ (চিত্ৰনাট্য, চিত্ৰগ্ৰহণ, সম্পাদনা, সংগীত, ধাৰা বিৱৰণী, শব্দকে ধৰি) ওপৰত ভিত্তি কৰি বিজয়ী নিৰ্বাচন কৰা হ’ব।
•চুটি ছবি প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা সকলো উপাদান (সংগীত, দৃশ্যাংশ, শব্দ, গ্ৰাফিক্স আদিকে ধৰি)মৌলিক হোৱাটো প্ৰয়োজনীয়।
•চুটি ছবি সমূহ প্ৰস্তুত কৰোতে চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে চুটি ছবি প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব।
•নিৰ্বাচিত চুটি ছবিত কপিৰাইটযুক্ত কোনো উপাদান সংযোজিত হৈ থাকিলে তাৰ বাবে প্ৰস্তুতকাৰী সম্পুৰ্ণৰূপত আইনীভাৱে দায়বদ্ধ হ’ব। এই ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ (MyGov Assam)’ কোনোপধ্যে জগৰীয়া নহ’ব।
•চুটি ছবিসমূহ ১ জানুৱাৰী ২০১৮ ৰ পাছত সম্পুৰ্ণ হোৱা প্ৰকল্প হ’ব লাগিব।
•মাই গভ্‍ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।
•এই প্ৰতিযোগিতালৈ পঠিওৱা সকলো ভিডিঅ’ ‘জনতাৰ চৰকাৰ (MyGov Assam)’ ৰ সম্পত্তি হিচাবে বিবেচনা কৰা হ’ব আৰু এই ভিডিঅ’ সমূহ মাই গভ্‍ অসমে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সম্পুৰ্ণ কৰ্তৃত্ব থাকিব।
•এই প্ৰতিযোগিতা সংক্ৰান্তীয় যিকোনো তথ্যৰ বাবে ‘জনতাৰ চৰকাৰ (MyGov Assam)’ ৰ ফেচবুক, টুইটাৰ, আৰু ইনষ্টাগ্ৰাম ৰ পৃষ্ঠাসমুহ অনুসৰণ কৰক।

সকলো মন্তব্য
মুঠ অৱদান ( 21) অনুমোদিত অৱদানসমূহ (17) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (4)
Reset
17 তথ্য পোৱা গ’ল

Santanu Datta 3 হিচাপ 20 হিচাপ পূৰ্বে

Different aspects of assam are vividly explains through this film. From children's cartoon comedy, festival of shivaratri, watts up usages, marriage functions and rituals every thing is displayed in this film. Assam high quality literature,comedy, songs, and culture have enriched Indian picture to world. Natural beauty and different forests lives attracts the peoples from all over the world. Nothing can be better observation than the photography. Film speaks every thing.Assam is pride of India.

Harpreet kaur 4 হিচাপ 13 হিচাপ পূৰ্বে

Assam is the history of a confluence of people from the east, west and the north; the confluence of the Tibeto-Burman (Sino-Tibetan), Indo-Aryan and Austroasiatic cultures. Although invaded over the centuries, it was never a vassal or a colony to an external power until the third Burmese invasion in 1821, and, subsequently, the British ingress into Assam in 1824 during the First Anglo-Burmese War.

Sajid Ali 4 হিচাপ 15 হিচাপ পূৰ্বে

East west south but Assam is the best in nature with tea, i think tea means Assam ,Roughly shaped like a bird with wings stretching along the length of the Brahmaputra river, Assam is the central state in the North-East Region of India and we love animals here we can see animals with beautiful nature so we love Assam.

Goutam Chatterjee 5 হিচাপ 31 মিনিট পূৰ্বে

In Assam total environment so natural,cultural so nice language also so beautiful,people are not that much aggresive.I like Behu and there beautiful songs.I am like Assam Tea.In Assam maximum Development has done by Present Sarkar due to kripa of Modiji. People should visit Assam to see natural beauty of Assam.Due to Modi Sarkar in Assam Administretion is so nice, people are enjoying. Thanks to Assam Sarkar.

janseva kendra 5 হিচাপ 2 হিচাপ পূৰ্বে

Assam is the history of a confluence of people from the east, west and the north; the confluence of the Tibeto-Burman (Sino-Tibetan), Indo-Aryan and Austroasiatic cultures. Although invaded over the centuries, it was never a vassal or a colony to an external power until the third Burmese invasion in 1821, and, subsequently, the British ingress into Assam in 1824 during the First Anglo-Burmese War.

DrBenoyKumarChattapadhyaya 6 হিচাপ 1 minপূৰ্বে

In Assam total environment so natural,cultural so nice language also so beautiful,people are not that much aggresive.I like Behu and there beautiful songs.I am like Assam Tea.In Assam maximum Development has done by Present Sarkar due to kripa of Modiji. People should visit Assam to see natural beauty of Assam.Due to Modi Sarkar in Assam Administretion is so nice, people are enjoying. Thanks to Assam Sarkar.