You don't have javascript enabled. Please Enabled javascript for better performance.

নষ্টালজিক কৰি তোলা আপোনাৰ প্ৰিয় ঠাইখন

Start Date: 27-12-2021
End Date: 31-01-2022

আমি কোনো ঠাই ভ্ৰমণ কৰিবলৈ যাওঁতে, কেতিয়াবা এনে কিছুমান স্থান, চিহ্ন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আমি কোনো ঠাই ভ্ৰমণ কৰিবলৈ যাওঁতে, কেতিয়াবা এনে কিছুমান স্থান, চিহ্ন আদি আমাৰ চকুত ধৰা দিয়ে যিসমূহ অতি পুৰণি তথা স্মৃতি বিজড়িত হোৱাৰ লগতে ঐতিহাসিকভাৱেও যথেষ্ট গুৰুত্বপূৰ্ণ হয়। এনে ধৰণৰ স্থান অথবা চিহ্নসমূহৰ আঁৰত বিভিন্ন অকথিত কাহিনীও লুকাই থাকে। ইয়াৰ ভিতৰত কোনো কেফে, পুৰণি দোকান, অসম আৰ্হিৰ ঘৰ বা যিকোনো পুৰাতাত্ত্বিক স্থান আদিও উল্লেখযোগ্য হ’ব পাৰে

কেতিয়াবা এনে কিছুমান স্থান যেনে-- কোনো এটা ঘৰৰ দীঘল কাঠৰ খিৰিকীৰ কাঁচ, বেৰ বা জৰাজীৰ্ণ গাঁথনিয়ে এক আন্তৰিকতা আৰু নষ্টালজিয়াৰ অনুভূতিৰো সৃষ্টি কৰে।

আপোনাৰ পৰিচিত এনে যিকোনো স্থান/চিহ্ন আদিৰ ফটো অথবা ভিডিঅ’ মাই গভ্ অসমৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আপুনি প্ৰেৰণ কৰা ফটো অথবা ভিডিঅ’ মাই গভ্ অসমৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত প্ৰকাশ কৰা হ’ব।

আপোনাৰ ফটো অথবা ভিডিঅ’ লিংক তলত মন্তব্য শাখাৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব লগতে সেই স্থানসমূহৰ অৱস্থান আৰু তাৎপৰ্যৰ বিষয়ে সবিশেষ উল্লেখ কৰাটো বাধ্যতামূলক।

সকলো মন্তব্য
মুঠ অৱদান ( 15) অনুমোদিত অৱদানসমূহ (1) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (14) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল