You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ গাঁৱৰ আদৰ্শ মহিলাগৰাকী

Start Date: 15-10-2020
End Date: 15-11-2020

সাম্প্ৰতিক সময়ত শিক্ষাৰ প্ৰসাৰৰ লগে লগে আমাৰ গ্ৰাম্য সমাজৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সাম্প্ৰতিক সময়ত শিক্ষাৰ প্ৰসাৰৰ লগে লগে আমাৰ গ্ৰাম্য সমাজৰ মহিলাসকলৰ মাজত বৃদ্ধি পাইছে আত্মবিশ্বাস আৰু কৰ্মোদ্যম ।কৰ্মদক্ষতাৰে সমাজত নিজকে সুপ্ৰতিষ্ঠিত কৰি এক সুকীয়া পৰিচয় অৰ্জন কৰিছে গ্ৰামাঞ্চলৰ মহিলাই। সাহস, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে কৰ্ম কৰি গ্ৰাম্য অৰ্থনীতি আৰু সমাজ ব্যৱস্থালৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে গ্ৰাম্য সমাজৰ বহু মহিলাই ।

গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে তথা তেওঁলোকৰ সন্মানাৰ্থে প্ৰতিবছৰে ১৫ অক্টোবৰ দিনটো আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱস হিচাবে পালন কৰা হয়।

আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমে, বিভিন্ন উল্লেখনীয় কৰ্মৰাজিৰে গ্ৰামাঞ্চলৰ অৰ্থ-সামাজিক ব্যৱস্থাৰ উন্নয়নৰ দিশত অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা আদৰ্শ মহিলাসকলক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । শিক্ষা, কৃষি, বাণিজ্য, হস্ততাঁত-বস্ত্ৰশিল্প, পশুপালন আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই যোৱা অথবা মহিলা সৱলীকৰণ, উদ্যমিতা, পৰিৱেশ সুৰক্ষাকে ধৰি নানান দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি সমাজ ব্যৱস্থালৈ পৰিৱৰ্তন অনাৰ প্ৰচেষ্টা কৰাৰ লগতে সকলোকে উৎসাহিত কৰা এনে কোনো আদৰ্শ মহিলা যদি আপোনাৰ গাঁৱত আছে, তেন্তে তেখেতৰ কৰ্মৰাজিৰ সবিশেষ লিখি তেখেতৰ ফটো অথবা ভিডিঅ’সহ তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰক । আপুনি উল্লেখ কৰা মহিলাগৰাকীৰ নাম, ঠিকনা আৰু ফোন নম্বৰ লিখাটো বাধ্যতামূলক ।

সকলো মন্তব্য
মুঠ অৱদান ( 13) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (13) জমা বন্ধ