You don't have javascript enabled. Please Enabled javascript for better performance.

হাড়গিলা আৰু প্ৰকৃতি সুৰক্ষাত ব্ৰতী পূৰ্ণিমা দেৱী বৰ্মন

Start Date: 26-01-2019
End Date: 31-01-2022
“হাড়গিলা বাইদেউ” – কামৰূপ গ্ৰাম্যৰ দদৰা, শিঙিমাৰী আৰু পছৰীয়া গাঁৱৰ ৰাইজৰ মুখে মুখে চৰ্চিত এটা নাম। বিশ্বৰ এবিধ বিপন্নপ্ৰায় প্ৰজাতি হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়াই অহা অভূতপূৰ্ব বৰঙণিৰ বাবে তেখেত অঞ্চলটোত ‘হাড়গিলা বাইদেউ’ নামেৰে জনাজাত। প্ৰকৃত নাম –পূৰ্ণিমা দেৱী বৰ্মন। তেখেতেৰ প্ৰচেষ্টাতেই তিনিওখন গাঁৱৰ ৰাইজৰ মাজত হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত এক ব্যাপক সজাগতাৰ সৃষ্টি হৈছে। গাঁৱৰ মহিলাসকলক একগোট কৰি হাড়গিলা আৰ্মি নামেৰে এক গোট গঠন কৰি বিশ্বৰ এই বিপন্নপ্ৰায় প্ৰাণীবিধৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত একপ্ৰকাৰৰ এক অভিলেখ সৃষ্টি কৰিছে পূৰ্ণিমা দেৱী বৰ্মনে। প্ৰকৃতি সংৰক্ষণৰ সমান্তৰালভাৱে গাঁৱৰ মহিলাসকলক আৰ্থিকভাৱে সৱল কৰি তোলাৰ ক্ষেত্ৰটো বিভিন্ন ধৰণেৰে অহোপুৰুষাৰ্থ কৰি আহিছে এইগৰাকী উদ্যমী মহিলাই। হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা এই অৱদানৰ বাবে ২০১৭ চনত ডব্লিউ এফ এন নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে আগবঢ়োৱা গ্ৰীণ অস্কাৰ বঁটা লাভ কৰা পূৰ্ণিমা দেৱী বৰ্মন একমাত্ৰ অসমীয়া। ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও বিভিন্ন সময়ত এইগৰাকী পৰিৱেশ বিজ্ঞানীৰ কৰ্মৰাজীক স্বীকৃতি প্ৰদান কৰি আহিছে। আহক এই ভিডিঅ’যোগে পূৰ্ণিমা দেৱী বৰ্মনৰ কৰ্মৰাজীৰ বিষয়ে কিছু কথা জানো।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল
692140

JAYANTA TOPADAR 3 বছৰ 11 হিচাপপূৰ্বে

आपके प्रयास को शत्-शत् प्रणाम...!!! आपकी सोच को सामर्थ्य मिले...हरेक जीव से स्नेह एवं मानव मूल्यों का एक अनन्य निदर्शन...!! धन्य हो !!!