You don't have javascript enabled. Please Enabled javascript for better performance.

স্বাৱলম্বিতাৰ অন্য এক উদাহৰণ যোৰহাটৰ পংকজ ছেত্ৰী

Start Date: 20-10-2018
End Date: 20-10-2018
যোৰহাট জিলাৰ এগৰাকী যুৱ কৃষক আৰু গোপালক হ’ল পংকজ ছেত্ৰী। উচ্চ শিক্ষিত এই যুৱকগৰাকী বৰ্তমান ব্যস্ত হৈ আছে কৃষিকৰ্ম আৰু গো-পালনত। ২০১৪ চনৰ পৰা গো-পালন আৰু দুগ্ধ ব্যৱসায়ত জড়িত হৈ থকা পংকজ ছেত্ৰীয়ে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ গো পালনৰ ব্যৱসায় আৰম্ভ কৰে আৰু সফলতা লাভ কৰে। বৰ্তমান দৈনিক ১৬০ ৰ পৰা ১৮০ লিটাৰ গাখীৰ উৎপাদনেৰে ব্যৱসায়িকভাৱে সফলতা লাভ কৰা পংকজ ছেত্ৰীয়ে গোপালনৰ লগতে বিভিন্ন ফুলৰ খেতি আৰু অন্যান্য কৃষি কৰ্মতো ব্যস্ত হৈ আছে আৰু বহুজনক কৰ্মসংস্থাপন আগবঢ়াই আহিছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে