You don't have javascript enabled. Please Enabled javascript for better performance.

সোণাপুৰত এখন চকলেট গাওঁ গঢ়াৰ লক্ষ্যৰে নৰ্থ-ইষ্ট অৰ্গেনিক

Start Date: 17-02-2019
End Date: 17-02-2019
জৈৱিক কৃষি পদ্ধতিৰে কৃষকৰ আয় দুগুণে বৃদ্ধি কৰাৰ মহৎ প্ৰয়াসেৰে ন ন পৰিকল্পনা হাতত লৈছে নৰ্থ-ইষ্ট অৰ্গেনিক নামেৰে এক স্বেচ্ছাসেৱী সংগঠনে। চকলেট খেতিৰে অসমৰ কৃষি কৰ্মক এক অনন্য মাত্ৰা প্ৰদানৰ লক্ষ্যৰে এই সংগঠনটোৱে ঐক্যৱদ্ধভাৱে প্ৰচেষ্টা চলাই আহিছে আৰু সোনাপুৰৰ মৌপুৰ গাওঁখন চকলেট গাওঁ হিচাবে গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰয়াস অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও উন্নতমানৰ বীজ, পুলি আদি প্ৰদান কৰাৰ লগতে বিভিন্ন প্ৰশিক্ষণ, দিহা-পৰামৰ্শ প্ৰদান কৰি তেওঁলোকে অঞ্চলটোৰ কৃষক ৰাইজকো উৎসাহিত কৰি আহিছে। শেহতীয়াকৈ জালুক, আদা আদিৰ খেতি আৰু হাঁহ,ছাগলি পালনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছে। উল্লেখযোগ্য যে বিদেশলৈও তেওঁলোকৰ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰি আৰ্থিকভাৱে লাভান্বিত হৈছে। আহক এই ভিডিঅ’ যোগে তেওঁলোকৰ কৃষিকৰ্মৰ বিষয়ে কিছু কথা জানো।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে