You don't have javascript enabled. Please Enabled javascript for better performance.

দু:সাহসিক ক্ৰীড়া পৰ্যটনৰ ক্ষেত্ৰখনত জিলিকিছে বগামাটি

Start Date: 19-01-2019
End Date: 31-01-2022
পৰ্যটনৰ ক্ষেত্ৰখনত বৰ্তমান দু:সাহসিক ক্ৰীড়া পৰ্যটনে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আছে। ট্ৰেকিং, ৰাফ্টিং আদি বিভিন্ন দু:সাহসিক ক্ৰীড়াসমূহে পৰ্যটকসকলৰ মাজত বিশেষভাৱে জনপ্ৰিয়তা আৰ্জিছে। দু:সাহসিক ক্ৰীড়া পৰ্যটনৰ সহায়ত অসমৰ পৰ্যটন উদ্যোগটো জীপাল কৰি তোলাৰো এক বিপুল সম্ভাৱ্নাআছে। এই ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে বগামাটি নিৱাসী জুলিমা ডেকা আৰু পূৰ্ণ ডেকাই। বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী বগামাটিত প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত ২০০৬ চনৰ পৰাই দু:সাহসিক ক্ৰীড়া পৰ্যটনক বিভিন্ন ধৰণে সফলভাৱে ৰূপায়্ন কৰি আহিছে জুলিমা ডেকা আৰু পূৰ্ণ ডেকাই। ২০১৫ চনৰ পৰা পঞ্জীকৃত সংগঠন ‘গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ’-ৰ জৰিয়তে ট্ৰেকিং, ৰাফ্টিং, জীপ লাইনিং আদিৰ দ্বাৰা অসমত দু:সাহসিক ক্ৰীড়া পৰ্যটনক এক নতুন ৰূপ দিয়া জুলিমা ডেকা আৰু পূৰ্ণ ডেকাৰ এই দীঘলীয়া যাত্ৰাৰ সফল কাহিনীৰ আমিও গম লওঁ আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল