You don't have javascript enabled. Please Enabled javascript for better performance.

চব্ৰেইটি ফাউণ্ডেচনে সলনি কৰিছে বহু লোকৰ জীৱন

Start Date: 29-06-2019
End Date: 29-06-2019
প্ৰায় পোন্ধৰ বছৰ ধৰি মাদক দ্ৰব্য গ্ৰহণ কৰিছিল গুৱাহাটীৰ সীমান্ত দাসে। কিন্তু লাহে লাহে ড্ৰাগছৰ আসক্তিৰ পৰা নিজকে মুক্ত কৰাত সফল হ’ল তেওঁ। ড্ৰাগছৰ ভয়াৱহতাৰ কথা উপলব্ধি কৰি সমাজক ইয়াৰ পৰা মুক্ত কৰিবৰ বাবে ২০১২ চনত তেখেতে গুৱাহাটীত চব্ৰেইটি ফাউণ্ডেচন নামৰ এটা ড্ৰাগছ নিচামুক্তি কেন্দ্ৰ স্থাপন কৰে। তেতিয়াৰে পৰা বৰ্তমানলৈ বহু সংখ্যক ড্ৰাগছ আসক্ত ব্যক্তিৰ জীৱনলৈ পোহৰৰ ৰেঙণি আনিছে এই ফাউণ্ডেচনে। ড্ৰাগছে এখন সমাজ ধ্বংসৰ মুখলৈ ঠেলি দিয়ে। সমাজৰ বাবে অভিশাপস্বৰূপ এই ড্ৰাগছে অসমৰ বহু পৰিয়াল ধ্বংস কৰিছে। কিন্তু ইয়াৰ মাজতে এচামে ড্ৰাগছৰ বিৰুদ্ধে নিজৰ যুঁজ অব্যাহত ৰাখিছে। ড্ৰাগছে কেনেদৰে এগৰাকী সফল ব্যক্তিৰ জীৱন তিল তিলকৈ ধ্বংস কৰিছিল আৰু কেনেদৰে ব্যক্তিগৰাকী ড্ৰাগছমুক্ত হৈ নিজকে ৰক্ষা কৰিছিল, ই হৈছে তাৰেই এক প্ৰেৰণাদায়ক কাহিনী|
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে