You don't have javascript enabled. Please Enabled javascript for better performance.

গৃ্হসজ্জাৰে স্বাৱলম্বী জুৰি বৰুৱা

Start Date: 04-02-2019
End Date: 04-02-2019
বৰ্তমান সময়ত আমাৰ সমাজৰ মহিলাসকলে বিভিন্ন কৰ্মত নিজকে নিয়োজিত কৰি সময়ৰ লগত খোজ মিলাবলৈ লৈছে আৰু এগৰাকী স্বাৱলম্বী তথা সফল মহিলাৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। নিজৰ বৃত্তি তথা কৰ্মৰ জৰিয়তে সমাজত এক সুকীয়া পৰিচয় লাভ কৰা তেনে এগৰাকী স্বাৱলম্বী মহিলা হ’ল জুৰি বৰুৱা। জুৰি বৰুৱা এগৰাকী গৃ্হসজ্জা শিল্পী। সৰু কালৰে পৰাই গৃ্হসজ্জাৰ প্ৰতি থকা প্ৰৱল আকৰ্ষণটোক আধাৰ হিচাবে লৈ স্বাৱলম্বনৰ পথ মোকলাই লৈছে এইগৰাকী উদ্যোগী মহিলাই। বহু বছৰ ধৰি এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ ন ন চিন্তাধাৰাৰে এই বৃত্তিটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰা জুৰি বৰুৱাই নৱপ্ৰজন্মক দেখুৱাইছে আদৰ্শৰ বাট।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে