You don't have javascript enabled. Please Enabled javascript for better performance.

কৰ্কট ৰোগ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা

Start Date: 04-02-2020
End Date: 28-02-2023
বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ ভিতৰত দুই-তৃতীয়াংশ কৰ্কট ৰোগৰ লক্ষণ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাব পাৰি। উত্তৰ-পূৱ ভাৰতত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ এক মূল কাৰণ হ’ল ধঁপাত, তামোল আৰু মদ্যপানৰ অত্যধিক মাত্ৰাত সেৱন। উত্তৰ-পূৱৰ মুঠ ৩৯০০০ নতুন কৰ্কট ৰোগীৰ ভিতৰত ২৯০০০ ৰোগী কেৱল অসমৰে। ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত প্ৰতি বছৰে ১২০০০ নতুন আৰু ৮৫০০০ পুৰণি কৰ্কট ৰোগী চিকিৎসাৰ বাবে পঞ্জীকৃত হয়। কৰ্কট ৰোগৰ ক্ষেত্ৰত অসম চৰকাৰৰ অভিলাসী ‘অটল অমৃত অভিযান’ আৰু ‘আয়ুষ্মান ভাৰত - প্ৰধানমন্ত্ৰী জন ঔষধি যোজনা’-ৰ অধীনত বহু সংখ্যক কৰ্কট ৰোগীৰ চিকিৎসা সম্ভৱ হৈ উঠিছে। ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক, দেশৰ এগৰাকী অগ্ৰণী কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ অমল চন্দ্ৰ কটকীয়ে কৰ্কট ৰোগ সম্পৰ্কে এই ভিডিঅ’ যোগে আগবঢ়াইছে কিছু গুৰুত্বপূৰ্ণ কথা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল