You don't have javascript enabled. Please Enabled javascript for better performance.

উদ্যান শস্য ক্ষেত্ৰখনত স্ব-নিয়োজনৰ বাট মোকলাইছে মমী পেগুৱে

Start Date: 04-01-2021
End Date: 31-01-2024
প্ৰচুৰ সম্ভাৱনীয়তাৰে ভৰা অসমৰ এখন উল্লেখযোগ্য ক্ষেত্ৰ হ’ল উদ্যান শস্যৰ ক্ষেত্ৰখন। এই ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ স্ব-নিয়োজনৰ বাট মুকলি কৰি ল’ব পৰাকৈ ৰাজ্যৰ যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে চৰকাৰে উদ্যান শস্য বিভাগৰ অধীনত ‘উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান আঁচনি’ নামেৰে এক অভিলাসী আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা অসমৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক-যুৱতীসকল উপকৃত হোৱাৰ লগতে এই ক্ষেত্ৰখনৰ উন্নয়নৰ দিশত অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। এই আঁচনিৰ দ্বাৰা লাভৱান হোৱা মাজুলীৰ এগৰাকী হিতাধিকাৰী হ’ল মমী পেগু । উপৰোক্ত আঁচনিৰ অধীনত চৰকাৰৰ পৰা লাভ কৰা সহায়-সহযোগিতাৰে এখন নাৰ্চাৰী খুলি তেখেতে আত্ম সংস্থাপনৰ বাট মোকলাই ল’বলৈ সক্ষম হৈছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
4 তথ্য পোৱা গ’ল
150230

Jyotiska boruah 2 বছৰ 10 হিচাপপূৰ্বে

উজনি অসমৰ নৈ বিল আদিৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত তেনে কৃষি কৰ্ম কৰাৰ বহু ঠাই আছে ৷ চৰকাৰে পৰ্য্যৱেশন কৰি নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্হাপিত কৰিৱ পৰা উপায় প্ৰযোজ্য কৰি বিশেষ আকৰ্ষণীয় দিশ সমুহ সাঙুৰি পদক্ষেপ ললে আৰু বহু উপকৃত হৱ পৰা থল আছে ৷