You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ থলুৱা উদ্ভিদৰ সমাহাৰেৰে ড: প্ৰবীণ শইকীয়াৰ বনতীৰ্থ

Start Date: 29-12-2018
End Date: 31-12-2021
লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নিৱাসী ড: প্ৰবীণ শইকীয়া। বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক তথা কলা- সংস্কৃতিৰ গৱেষক ড: প্ৰবীণ শইকীয়াৰ বহু কষ্ট, পৰিশ্ৰম আৰু অধ্যৱসায়ৰ ফল - বনতীৰ্থ। তেখেতৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা বনতীৰ্থত আছে হাজাৰোধিক থলুৱা অসমীয়া গছ-লতিকা। ক্ৰমাৎ হেৰাই যাবলৈ ধৰা এই মূল্যৱান গছ-লতিকাবোৰ বনতীৰ্থত সংৰক্ষণ কৰি ৰখা হৈছে। শতফুল, জয়ন্তী, শালিকী ভেঁট, বকফুল, কাঞ্চন, শ্বেতচম্পা, জাতি নাহৰ, দামকল, বগীতৰা, বাঘমুখী, সেউতি, সখিয়তী, বেলি পহীয়া আদি বিভিন্ন উদ্ভিদেৰে ভৰি থকা বনতীৰ্থ বৰ্তমান এক উদ্ভিদ বিজ্ঞানৰ গৱেষণা ক্ষেত্ৰলৈ পৰিণত হৈ পৰিছে। সম্পুৰ্ণ একক প্ৰচেষ্টাৰে ড: প্ৰবীণ শইকীয়াই অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ভ্ৰমণ কৰি থলুৱা উদ্ভিদসমূহ সংগ্ৰহ কৰি থলুৱা উদ্ভিদৰ এই তীৰ্থখন গঢ় দিছে। কেৱল উদ্ভিদৰ সংৰক্ষণ আৰু পৰিচৰ্যায়েই নহয়, বৰ্তমান অসমৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলে বনতীৰ্থ ভ্ৰমণ কৰি অসমৰ থলুৱা উদ্ভিদসমূহৰ ওপৰত গৱেষণাকাৰ্যত ব্ৰতী হৈ আছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল