You don't have javascript enabled. Please Enabled javascript for better performance.

Celebrate Nostalgia with Teachers

Start Date: 04-09-2019
End Date: 15-09-2019

আমাৰ জীৱনত শিক্ষাগুৰুসকলৰ অৱদান অপৰিসীম। সৰুৰে পৰা শিক্ষা ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আমাৰ জীৱনত শিক্ষাগুৰুসকলৰ অৱদান অপৰিসীম। সৰুৰে পৰা শিক্ষা প্ৰদানেৰে সমাজত এগৰাকী সু-নাগৰিক হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ অৱদান অনস্বীকাৰ্য। আমাৰ সকলোৰে স্কুলীয়া জীৱনৰ সৈতে জড়িত হৈ আছে বহু মধুৰ মুহূৰ্ত। এই মুহূৰ্তবোৰৰ সৈতে হয়তো সাঙোৰ খাই আছে আপোনাৰ প্ৰিয় শিক্ষাগুৰুসকলৰ নাম। কিছুমান স্মৃতি পাহৰণিৰ গৰ্ভত লীন হৈছে, কিন্তু কিছুমান অবিস্মৰণীয় মুহূৰ্ত এতিয়াও আমি কঢ়িয়াই লৈ ফুৰিছো আমাৰ জীৱনযাত্ৰাত।

এনে কিছু মধুৰ স্মৃতি আমাৰ সৈতে শ্বেয়াৰ কৰক, যিয়ে আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। শিক্ষক দিৱসৰ দিনা ই হ’ব আপোনাৰ প্ৰিয় শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাভৰা সোঁৱৰণ।

আপোনাৰ অনুভৱ আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 5) অনুমোদিত অৱদানসমূহ (5) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
75980

Chandramika Bora 4 বছৰ 7 হিচাপপূৰ্বে

জীৱনৰ প্ৰথম শিক্ষক দিৱস পাইছিলো নিম্ন শ্ৰেণীত । দেউতাই এটা কলম বান্ধি দি পঠাইছিল শ্ৰেণী বাইদেউক দিবলৈ । ক্লাছৰ বাকী কোনেও নিয়া নাছিল ।ল'ৰা বোৰে চিঞৰিবলে ধৰিলে ধুপ আনিছে , ধুপ আনিছে বুলি । উপায় নাপাই খুব কান্দিলো । তেতিয়া মঞ্জুলা বাইদেউ আহি বাকীবোৰক ধমক দি মোক লৈ গৈছিল বৰবাইদেউৰ ওচৰলৈ।একো বুজা নাছিলো শিক্ষক দিৱসৰ মহত্ব তেতিয়া । মোৰ শ্ৰদ্ধাৰ সকলো ছাৰ বাইদেউলৈ শিক্ষক দিৱসৰ ওলগ জনালোঁ ।