You don't have javascript enabled. Please Enabled javascript for better performance.

Seeking suggestions on ways to revive traditional indigenous games of Assam

Start Date: 31-07-2019
End Date: 20-08-2019

পৰম্পৰাগত খেল-ধেমালি সমুহে এখন ঠাইৰ এক ঐতিহ্য বহন কৰে। এই খেল-ধেমালি ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পৰম্পৰাগত খেল-ধেমালি সমুহে এখন ঠাইৰ এক ঐতিহ্য বহন কৰে। এই খেল-ধেমালি সমূহে কেৱল এটা জনগোষ্ঠীৰে ঐতিহ্য বহন নকৰে, ই জনগোষ্ঠী এটাক একতাৰ ডোলেৰে বান্ধি ৰখাৰ লগতে শাৰীৰিক আৰু মানসিক শান্তি উৎকৰ্ষ সাধনতো সহায় কৰে।
অন্যান্য ৰাজ্যৰ দৰে অসমো পৰম্পৰাগত খেল-ধেমালিসমূহৰ এক প্ৰাণকেন্দ্ৰ। অসমৰ কিছুমান পৰম্পৰাগত খেল-ধেমালি হৈছে - ধোপ খেল, পেং খেল, ঘিলা খেল, টাং গুটি ইত্যাদি। এই খেল-ধেমালি সমূহে এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনত সহায় কৰে। গ্ৰাম্যাঞ্চলত বিশেষভাবে জনপ্ৰিয় এই থলুৱা ক্ৰীড়া সমুহে চহৰাঞ্চলৰ লোকসকলৰ সৈতে এক সংযোগ স্থাপন কৰাৰ থল আছে।
কিন্তু সময়ৰ লগে লগে বহুতো পৰম্পৰাগত খেল-ধেমালি আমাৰ মাজৰ পৰা নোহোৱা হৈ পৰিছে। নৱ প্ৰজন্মৰ লোকসকল বৰ্তমান আধুনিক ক্ৰীড়া সমূহৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে। কিন্তু চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ এক যুটীয়া সমন্বয়েৰে এই খেল-ধেমালি সমুহ পুনৰুদ্ধাৰ কৰিব পৰাৰ থল আছে।

২৯ আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্‍ অসমে পৰম্পৰাগত খেল-ধেমালি সমূহ পুনৰুদ্ধাৰ, সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰা মতামত আৰু দিহা পৰামৰ্শ কামনা কৰিছে।
মতমত তথা পৰামৰ্শ প্ৰেৰণৰ অন্তিম দিন : ২০ আগষ্ট, ২০১৯

গুৰুত্বপূৰ্ণ মতামত প্ৰেৰণ কৰা শ্ৰেষ্ঠ ৫ গৰাকী অংশগ্ৰহণকাৰীলৈ প্ৰেৰণ কৰা হ'ব জনতাৰ চৰকাৰ মাই গভ্‍ অসমৰ তৰফৰ পৰা একোখনকৈ প্ৰশংসা পত্ৰ।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
170

dulal saikia 4 বছৰ 7 হিচাপপূৰ্বে

বৰ সুন্দৰ পদক্ষেপ লোৱাৰ বাবে মই বতমানৰ অসম চৰকাৰক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। পৰম্পৰাগত খেল-ধেমালি সমুহ কালৰ গ্রাসত হেৰাই যাবলৈ দিব নোৱাৰি এই খেল-ধেমালি ৰ মাজেদি অসমৰ এতিহ্যবাহী গতিকে ইয়াৰ সংৰক্ষণ কৰাতো বতমান সময়ত নিশ্চয়ই কৈ বহু প্রায়োজন বোধ সকলো অসমবাসি ৰাইজৰ হয়। সদৌ শেষত বতমান চৰকাৰৰ দ্বাৰা লোৱা এই পদক্ষেপ ত বৰ আনন্দিত হৈছো।