You don't have javascript enabled. Please Enabled javascript for better performance.

Finance Department invites suggestions from public for the forthcoming Assam Budget 2019-20

Start Date: 21-01-2019
End Date: 28-01-2019

অসম চৰকাৰৰ বিত্ত বিভাগে ‘অসম বাজেট ২০১৯-২০’ খন জনসাধাৰণৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম চৰকাৰৰ বিত্ত বিভাগে ‘অসম বাজেট ২০১৯-২০’ খন জনসাধাৰণৰ কল্যাণকেন্দ্ৰিক কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। ডিজিটেল সেৱাৰ গুৰুত্ব উপলব্ধি কৰি ‘ই-বাজেট’ প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হৈছে যিয়ে জনসাধাৰণক তথ্য যোগান ধৰাত সহায় কৰিব। জনতাৰ অংশীদাৰী ব্যৱস্থাত বিশ্বাসী অসম চৰকাৰে এই বৰ্ষৰ বাজেটৰ বাবেও জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে।
বিত্ত বিভাগৰ ৱেবচাইটত জনসাধাৰণে নিজৰ বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰিব পাৰে। মাই গভ্‍ অসমৰ ৱেবচাইট assam.mygov.in ৰ জৰিয়তেও তলত মন্তব্যৰ যোগেদি বিভিন্ন মতামত আৰু পৰামৰ্শ প্ৰদান কৰিব পাৰে। জনসাধাৰণে নিম্ন উল্লেখিত ক্ষেত্ৰসমূহৰ ক্ষেত্ৰত মতামত প্ৰেৰণ কৰিব পাৰে।

• স্বাস্থ্য
• শিক্ষা
• কল্যাণ
• নিৰাপত্তা আৰু ন্যায়
• পৰিৱেশ
• কৃষি
• উদ্যোগ
• সংস্কৃতি আৰু ঐতিহ্য
• আন্তঃগাঁথনি উন্নয়ন
• অন্যান্য

অন্তিম তাৰিখ : ২৮ জানুৱাৰী, ২০১৯

পৰামৰ্শ প্ৰেৰণৰ বাবে ইয়াত ক্লিক অথবা তলত মন্তব্য আকাৰেৰে প্ৰেৰণ কৰক

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
2300

AMARJYOTI BAISHYA 5 বছৰ 2 হিচাপপূৰ্বে

বাজেটত গ্ৰহণ কৰা এটা সিদ্ধান্তই অসমৰ প্ৰায় সকলো সমস্যাৰ সমাধান কৰিব -
=>ৰাজ্য চৰকাৰৰ, ৰাজ্য চৰকাৰৰ অধীনস্থ বিভাগৰ সকলো কৰ্ম্মচাৰীৰ সন্তান আৰু স্থানীয় নিগম - নিকায়ৰ তথা বিধান সভাৰ সকলো সদস্যৰ সন্তানক অসমীয়া ভাষা আৰু জনগোষ্ঠীৰ ভাষাৰ মাধ্যমত শিক্ষাদান কৰোঁৱাটো অহা শিক্ষাবৰ্ষৰ (২০২০) পৰা বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰক!