You don't have javascript enabled. Please Enabled javascript for better performance.

Essay Contest on Asom Divas

Start Date: 12-10-2018
End Date: 22-11-2018

আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক চাওলুঙ-ছ্যু-কাফা আছিল অসমৰ প্ৰথমজন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক চাওলুঙ-ছ্যু-কাফা আছিল অসমৰ প্ৰথমজন আহোম ৰজা। ছ্যু-কাফাই ১২২৮ খ্ৰীষ্টাব্দত অসমত ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে । ছ্যু-কাফাই এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে একত্ৰিত কৰি বৃ্হত্তৰ অসমীয়া জাতি গঠন কৰে। সেয়েহে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকফাৰ অৱদান সৰ্বস্ব৷
২ ডিচেম্বৰ অসম দিৱস উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সদৌ অসম আহোম সভাৰ সহযোগত ‘জনতাৰ চৰকাৰ মাই গভ অসমৰ’ জৰিয়তে এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰচনাৰ বিষয়বস্তু – বৃ্হত্তৰ অসমীয়া জাতি গঠনত স্বৰ্গদেউ চাওলুঙ-ছ্যু-কাফাৰ বৰঙণি। প্ৰতিযোগীসকলে অসমীয়া আৰু ইংৰাজী দুটা ভাষাৰ যিকোনো এটা ভাষাত ৰচনা লিখি assam.mygov.in লৈ প্ৰেৰণ কৰিব লাগৈব। ক. খ আৰু গ মুঠ তিনিটা ভাষাত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ক শাখাত চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, খ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু গ শাখাত মহাবিদ্যালয় পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিজয়ী প্ৰতিযোগীসকললৈ নগদ পুৰস্কাৰসহ প্ৰমাণ পত্ৰ আগবঢ়োৱা হ’ব।
প্ৰথম পুৰস্কাৰ – ৫,০০০টকা
দ্বিতীয় পুৰস্কাৰ – ৩,০০০ টকা
তৃতীয় পুৰস্কাৰ – ২,০০০টকা
ৰচনা প্ৰেৰণৰ অন্তিম তাৰিখ – ২২ নৱেম্বৰ, ২০১৮
বিজয়ী প্ৰতিযোগীসকলক অহা ২ ডিচেম্বৰত ডিব্ৰুগড় জিলাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া অসম দিৱসৰ অনুষ্ঠানত পুৰস্কাৰসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।
নিয়মাৱলীসমূহ –
চৰ্তাৱলী
• ৰচনাৰ বাবে শব্দ ১৫০০ টাতকৈ অধিক হ’ব নোৱাৰিব
• 10 MB তকৈ সৰু আকাৰত PDF file ত ৰচনা প্ৰেৰণ কৰিব লাগিব
• এজন প্ৰতিযোগীয়ে কেৱল এখন ৰচনাহে প্ৰেৰণ কৰিব পাৰিব
• ৰচনা মৌলিক হোৱাটো বাধ্যতামূলক

লিখনিৰ মৌলিকতা নিৰ্বাচন কমিটীয়ে পৰীক্ষা কৰিব। অযোগ্য বিবেচিত লিখনিৰ বাবে MyGov Assam দায়ী নহয়।

সকলো মন্তব্য
মুঠ অৱদান ( 65) অনুমোদিত অৱদানসমূহ (65) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল