You don't have javascript enabled. Please Enabled javascript for better performance.

Comments Solicited For Draft Population and Women Empowerment Policy of Assam

Start Date: 28-04-2017
End Date: 15-06-2017

ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে কেৱল যে প্ৰাকৃতিক সম্পদ অথবা ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে কেৱল যে প্ৰাকৃতিক সম্পদ অথবা পৰিৱেশৰ ওপৰতে প্ৰভাৱ পৰিছে এনে নহয়, জনসাধাৰণৰ জীৱন ধাৰণ প্ৰণালী উন্নত মানৰ কৰিবলৈ কৰা চৰকাৰৰ প্ৰচেষ্টা সমূহৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে। পৰিয়ালসমূহৰ আকাৰ নিৰ্দিষ্ট কৰা আৰু জীৱন ধাৰণ প্ৰণালী উন্নত কৰাৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যিক জনসংখ্যা আঁচনি নামেৰে এখন আঁচনিৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছে। এই আঁচনিৰ মূল উদ্দেশ্য হ’ব ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ দ্বাৰা গুণগত মানদণ্ডৰ শিক্ষা লাভ, উন্নত স্বাস্থ্য সেৱা আৰু নিয়োগৰ সুবিধা লাভ।

কিন্তু ই ইমান সহজ নহয়। কিছুমান সমস্যাৰাজিয়ে এই ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হিচাবে থিয় দি আছে। ইয়াৰ ভিতৰত বৰ্ধিত নৱজাত শিশুৰ মৃত্যুৰ হাৰ, জটিল জনসংখ্যাৰ দিশ, পিছপৰা অঞ্চলত বাল্য বিবাহ, দৰিদ্ৰতা, নগৰীয়া নিয়োগ সমস্যা, ভৌগোলিক জটিলতা, সামাজিক আৰু ধাৰ্মিক কু-সংস্কাৰৰ উপস্থিতি ইত্যাদি প্ৰধান।
এই খচৰাৰ জৰিয়তে, অসম চৰকাৰে অসমৰ নাৰী সৱলীকৰণ দিশটোৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিছে। চৰকাৰে চৈধ্য বছৰ বয়সৰ কম বয়সৰ ছাত্ৰ্ৰীৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা, 100 শতাংশলৈ ইমিউনাইজেচন, ল’ৰা-ছোৱালীৰ বিবাহৰ বাবে আইনী বয়স নিৰ্ধাৰণ, সুৰক্ষিত মাতৃত্ব আদি বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰিছে।

মাই গভ অসমে ৰাজ্যিক জনসংখ্যা আৰু মহিলা সৱলীকৰণৰ খচৰা প্ৰস্তুতকৰণ সম্পৰ্কে জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে।

যোগদানৰ অন্তিম তাৰিখ : ১৫ জুন, ২০১৭

সকলো মন্তব্য
#HealthCare, #Assam, #MyGovAssam, #Family, #Welfare
Reset
1 তথ্য পোৱা গ’ল
702420

Ramakrishna Lakshmanan 6 বছৰ 11 হিচাপপূৰ্বে

Sir, the government may come up with more attractive schemes for
those who participate actively in population control by limiting
themselves with 2 children or even 1 child. There should be more
benefits for those limiting themselves with 1 child compared to
those who may limit themselves to 2 children. There should be a
disadvantage to those who do not limit themselves to 2 children
as a detterent to stop them from going for the 3rd one.