You don't have javascript enabled. Please Enabled javascript for better performance.

Sanskar- Manuhe Manuhor Babe

Start Date: 06-07-2018
End Date: 31-07-2018

অন্ধবিশ্বাস হৈছে সমাজৰ বাবে এক ব্যাধিস্বৰূপ। সমাজৰ এক বৃহৎ সংখ্যক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অন্ধবিশ্বাস হৈছে সমাজৰ বাবে এক ব্যাধিস্বৰূপ। সমাজৰ এক বৃহৎ সংখ্যক লোক এতিয়াও বিভিন্ন অন্ধবিশ্বাসৰ দৰে ঋণাত্মক এক ভাৱধাৰাৰ প্ৰতি আকৃষ্ট হৈ থকা দেখা যায়। বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ দ্বাৰা ইয়াক সমাজৰ পৰা আঁতৰাবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে যদিও বৰ্তমানেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ চৰ্চা চলি আহিছে। অন্ধবিশ্বাসে সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ মাত্ৰাও স্থবিৰ কৰে। এই ক্ষেত্ৰত বৰ্তমান ইন্ধন যোগাই আহিছে ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰিত হৈ থকা বিভিন্ন ভুঁৱা বাতৰিয়ে।
সমাজৰ পৰা অন্ধবিশ্বাসক শিপাৰে সৈতে উঘালি তুলিবলৈ অসম চৰকাৰে এক বলিষ্ঠ পদক্ষেপ হাতত লৈছে। অসমৰ স্বনামধন্য শিল্পী ড: ভূপেন হাজৰিকা দেৱৰ প্ৰখ্যাত মানৱতাবাদী গীত “মানুহে মানুহৰ বাবে” গীতৰ শিৰোণামৰে এই কাৰ্যসূচীৰ নাম ৰখা হৈছে “সংস্কাৰ : মানুহে মানুহৰ বাবে”। এই কাৰ্যসূচীৰে অসমৰ চুকে-কোণে বিভিন্ন ঠাইত অন্ধবিশ্বাস ৰোধ কৰাৰ বাবে সজাগতামূলক অভিযান আৰম্ভ কৰা হৈছে।
‘জনতাৰ চৰকাৰ MyGov Assam’ য়ে সমাজৰ পৰা অন্ধবিশ্বাস বৰ্জন, ভুঁৱা বাতৰি প্ৰসাৰ আদি ৰোধেৰে কেনেদৰে এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিব পৰা যায় ইয়াৰ বাবে অসমৰ জনসাধাৰণৰ পৰা মতামত আহ্বান কৰিছে। আমি আশা কৰিছো আমি সকলোৱে একগোট হৈ অন্ধবিশ্বাসৰ দৰে ভয়ানক সামাজিক ব্যাধিক আঁতৰ কৰি এখন সুস্থ সমাজ গঠনৰ দিশে অগ্ৰসৰ হ’ব পাৰিম।

সকলো মন্তব্য