You don't have javascript enabled. Please Enabled javascript for better performance.

Strawberry Surge

Start Date: 05-05-2018
End Date: 31-05-2019
পিতা-পুত্ৰ দুয়ো দিনটো কৃষিকৰ্মত ব্যস্ত হৈ থাকে। কৃষি কৰ্মৰ পৰা অলপ আজৰি হ'লেই দুয়ো ব্যস্ত হৈ পৰে মোবাইল ফোনটো লৈ। ইন্টাৰনেটৰ পৃথিৱীখনত কৃষি সম্বন্ধীয় ন ন সংবাদখিনি স্মাৰ্টফোনযোগে আহৰণ কৰে। বৰপেটা জিলাৰ বেজকুচিত তেওঁলোক বৰ্তমান ব্যস্ত অসমত সচৰাচৰ খুব কম মনোযোগ দিয়া এবিধ ফলৰ খেতিক লৈ – ষ্ট্ৰবেৰি ফলৰ খেতি। বৰপেটা জিলাত অৱস্থিত পাটাছাৰকুছিৰ বেজকুছি গাঁৱৰ বাসিন্দা গৌৰীকান্ত ডেকা। বহু বছৰ ধৰি কৃষিকাৰ্যত জড়িত হৈ থকা গৌৰীকান্ত ডেকাই ২০১৭ বৰ্ষত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলক ভাৱে কৰিছিল ষ্ট্ৰবেৰিৰ খেতি। প্ৰথমবাৰতে সফলতাৰে এই খেতি কৰি লাভান্বিত হোৱাৰ পাছত দ্বিতীয় বৰ্ষতো লাভ কৰিলে বাণিজ্যিক সফলতা। বৰ্তমান সম্পূৰ্ণভাৱে ষ্ট্ৰবেৰি খেতিত মনোনিৱেশ কৰা গৌৰীকান্ত ডেকা আৰু তেখেতৰ পুত্ৰ খগেন ডেকাই নিজা অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি ষ্ট্ৰবেৰি ফলৰ খেতিৰে দেখুৱাইছে সফলতাৰ এক নতুন পথ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল