You don't have javascript enabled. Please Enabled javascript for better performance.

Deen Dayal Distinguished Achievement Award for Divyanjan

Start Date: 18-11-2017
End Date: 05-12-2017

দিব্যাংগসকলো সমাজৰ এক অপৰিহাৰ্য অংগ, তেওঁলোকৰ বাবেও আছে বিভিন্ন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

দিব্যাংগসকলো সমাজৰ এক অপৰিহাৰ্য অংগ, তেওঁলোকৰ বাবেও আছে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশৰ সুয়োগ। এই প্ৰতিভাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে ‘দীন দয়াল বিশেষ সাফল্য বঁটা’ ঘোষণা কৰিছে। ১.ক্ৰীড়া আৰু মানৱ সম্পদ উন্নয়ন ২.সাহিত্য কলা সংস্কৃতি৩.বিজ্ঞান প্ৰযুক্তি ৪. উদ্যোগ আৰু বাণিজ্য আৰু ৫. সমাজ কল্যাণ এই পাঁচটা বিভাগত বঁটা সমূহ প্ৰদান কৰা হ’ব।

প্ৰতিগৰাকী নিৰ্বাচিত বিজয়ীক এখন ফলক আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। কোনো ব্যক্তি, সংগঠন অথবা এজেঞ্চিয়ে যদি কোনো দিব্যাংগ ব্যক্তিক এই বঁটাৰ বাবে মনোনয়ন প্ৰদান কৰিব খোজে তেন্তে তেনে ব্যক্তিৰ নাম আৰু সবিশেষ জনাই তলৰ ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনোৱা হ’ল :
বঁটা মনোনয়ন শাখা, সমাজ কল্যাণ সঞ্চালকালয়, অসম, কাছাৰী ঘাট, এম জি ৰোড, উজান বজাৰ, গুৱাহাটী -১
মনোনয়ন সমূহ www.assam.mygov.in ৰ যোগেদিও পঠিয়াব পাৰে।

এগৰাকী ব্যক্তিক এটা মাথো শাখাতহে মনোনয়ন কৰিব পাৰিব।
মনোনয়ন পঠিওৱাৰ অন্তিম তাৰিখ : দিনৰ তিনি বজা, ৫ ডিচেম্বৰ, ২০১৭

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
220

Bhaskarya bharali 6 বছৰ 4 হিচাপপূৰ্বে

In sports category Miss CHIRANJITA BHARALI,vill:alok nagar po:dhakuakhana,lakhimpur,assam has successfully won "3rd" place in the event BWF "ASIAN PARA BADMINTON CHAMPIONSHIP"2016 held in BEIJING,CHINA in the class WD SL3-SU5 and brought laurels to assam.