You don't have javascript enabled. Please Enabled javascript for better performance.

Logo Design Competition on State Innovation and Transformation Aayog

Start Date: 09-11-2017
End Date: 09-12-2017

ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ উদ্যোগত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ উদ্যোগত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (SITA) গঠন কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকী হ’ল ইয়াৰ অধক্ষ্য। ইয়াৰ মূল উদ্দেশ্য হ’ল অসম চৰকাৰৰ পৰামৰ্শদাতা হিচাবে কাম কৰা আৰু বিভিন্ন খণ্ডত অগ্ৰাধিকাৰ প্ৰদান কৰিবলগীয়া ক্ষেত্ৰসমূহ চিনাক্তকৰণৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক কাম কাজ হাতত লোৱা। এই ক্ষেত্ৰসমূহ হল – মেক ইন্ আচাম, এক্ট ইষ্ট্ পলিচিৰ আলমত আন্ত:গাঁথনিগত তথা ঔদ্যোগিক উন্নয়নকে ধৰি ৰুগ্ন উদ্যোগসমূহৰ পুনৰুজ্জীৱিতকৰণ আদি।
চৰকাৰ আৰু প্ৰশাসনৰ বিভিন্ন স্তৰৰ মাজত সমন্বয় সাধন আৰু দায়িত্বৰ বিভাজনত এই আয়োগে চৰকাৰক পৰামৰ্শ প্ৰদান কৰে। এই স্তৰসমূহ হ’ল- পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, স্বায়ত্ব শাসিত আৰু আঞ্চলিক পৰিষদ ইত্যাদি। তদুপৰি এই আয়োগে ৰাজ্যখনৰ ভিতৰত চৰকাৰী আঁচনি সমূহ ৰূপায়নৰ প্ৰভাৱ তথা ইয়াৰ ধৰণ সম্পৰ্কে নিৰীক্ষণ তথা মূল্যায়ন কৰে। ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ কাম-কাজ বহনক্ষম উন্নয়নৰ লক্ষ্য আৰু অসমৰ ভৱিষ্যদৰ্শনৰ দ্বাৰা সম্পূৰ্ণৰূপে পৰিচালিত।
বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থা আৰু সৰ্বসাধাৰণৰ মাজত ইয়াৰ উপস্থিতি সাব্যস্ত কৰাৰ লক্ষ্যৰে এই আয়োগে নিজাববীয়াকৈ এটা ল’গো সাজি উলিওৱাৰ কথা চিন্তা চৰ্চা কৰি আছে আৰু সেয়েহে মাই গভ্ অসমৰ জৰিয়তে এখন মুকলি ল’গ' নিৰ্মাণ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইচ্ছুক প্ৰতিযোগীসকলক এই আয়োগে তেওঁলোকৰ ল’গ' সমূহ মাই গভ্ অসমলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছে।
নিৰ্বাচিত শ্ৰেষ্ঠ ল’গ'ক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।

নিয়মাৱলী :
আকাৰত কমেও ২ ইঞ্চি ডাঙৰ হোৱাটো প্ৰয়োজন।
ল'গ' ফাইল দেখাত পৰিস্কাৰ হোৱাটো প্ৰয়োজন।
এবাৰ পঠোৱা ডিজাইন কোনো কাৰণতে ঘূৰাই পঠিওৱা নহয়।
নিৰ্বাচিত ল'গ' অসম চৰকাৰৰ সম্পত্তি হিচাবে বিবেচিত হ'ব।
অসম চৰকাৰে নিৰ্বাচিত ল'গ' ইয়াৰ যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব।
ডিজাইন নিজা হ'ব লাগিব, কোনো ধৰণৰ তৃতীয় পক্ষৰ হাত থাকিব নোৱাৰিব। অসম চৰকাৰ ইয়াৰ বাবে জগৰীয়া নহ'ব।
বিশেষজ্ঞ জুৰী সমিতিয়ে ল'গ' নিৰ্বাচন কৰিব।
যিকোনো সময়ত অসম চৰকাৰে এই প্ৰতিযোগিতা বন্ধ কৰাৰ অধিকাৰ ৰাখিব।
ডিজাইনৰ সৈতে SITA ৰ লগত ইয়াক কিদৰে সংযোগ কৰিব পাৰি সেই বিষয়ে টোকা থকাটো বাঞ্চনীয়।
এগৰাকী প্ৰতিযোগীয়ে এটা ডিজাইনহে প্ৰেৰণ কৰিব পাৰিব।

সকলো মন্তব্য
মুঠ অৱদান ( 79) অনুমোদিত অৱদানসমূহ (77) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (2) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল