You don't have javascript enabled. Please Enabled javascript for better performance.

Clean Puja Green Puja

Start Date: 05-09-2017
End Date: 24-09-2017

শৰত কালে লৈ আহে উৎসৱৰ বতৰা। দূৰ্গা পূজা অসমৰ মূল উৎসৱ সমূহৰ ভিতৰৰে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

শৰত কালে লৈ আহে উৎসৱৰ বতৰা। দূৰ্গা পূজা অসমৰ মূল উৎসৱ সমূহৰ ভিতৰৰে এটা প্ৰধান উৎসৱ। অসমৰ চুকে-কোনে বিভিন্ন প্ৰান্তত উলহ মালহেৰে দূৰ্গা পূজা পালন কৰা হয়। বৰ্তমান এই পূজা কোনো মন্দিৰৰ ভিতৰতে সীমিত হৈ থকা নাই, দূৰ্গা পূজা বৰ্তমান বাণিজ্যিক দিশৰ পৰাও এক বৃহত উৎসৱ হিচাবে পৰিগণিত হৈছে। কিন্তু এই পূজা আয়োজনৰ সময়ত আয়োজক সকলে পৰিৱেশ প্ৰদূষণৰ দিশটো উলাই কৰা দেখা যায়। সৰু বৰ পেণ্ডাল সমূহৰ ওচৰে পাজৰে হোৱা ভক্তপ্ৰাণ ৰাইজৰ ভীৰৰ ফলত সেই ঠাই আৱৰ্জনাৰে ভৰি পৰা দেখা যায়, যিটো পৰিৱেশৰ বাবে ভাবুকিস্বৰূপ। সেইবাবে পূজা আয়োজক সকলে পবিত্ৰ পূজাৰ লগতে পৰিবেশ ৰক্ষাৰ দিশটো সম্পৰ্কে সজাগ হোৱাটোও এক প্ৰয়োজনীয় বিষয়।

মাই গভ অসমে ‘স্বচ্ছ পূজা, সেউজ পূজা’ বিষয়েৰে পূজা আয়োজনৰ লগতে পৰিৱেশৰ প্ৰতি সজাগ কেনেদৰে হ’ব পাৰি এই বিষয়ে জনসাধাৰণৰ পৰা মতামত বিচাৰিছে।এক পৰিবেশ অনুকূল দূৰ্গা পূজাৰ আয়োজনে পূজাৰ আনন্দৰ লগতে পৰিবেশ সজাগতাৰ ক্ষেত্ৰটো গুৰুত্ব সহকাৰে আমি সকলোৱে উপলব্ধি কৰাটো প্ৰয়োজনীয়।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল