You don't have javascript enabled. Please Enabled javascript for better performance.

Seeking Suggestions On Ways to Promote Rural Tourism of Assam

Start Date: 06-07-2017
End Date: 31-01-2021

নতুন নতুন ঠাই পৰিভ্ৰমণ কৰাৰ হাবিয়াস মানুহৰ এক সহজাত প্ৰবৃত্তি। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

নতুন নতুন ঠাই পৰিভ্ৰমণ কৰাৰ হাবিয়াস মানুহৰ এক সহজাত প্ৰবৃত্তি। সময়ৰ লগে লগে পৰ্যটন ক্ষেত্ৰসমুহেও গুৰুত্ব লাভ কৰি আহিছে। ভাৰতৰ লগতে বৰ্তমান অসমৰ পৰ্যটন ক্ষেত্ৰখনো এক আকৰ্ষণৰ স্থলী হিচাবে পৰিগণিত হৈছে।

প্ৰতিবছৰে এক বৃহৎসংখ্যক লোক অসমলৈ ফুৰিবলৈ আহে। কিন্তু অসমৰ গ্ৰাম্যাঞ্চল সমূহৰ এতিয়াও প্ৰসাৰ আৰু প্ৰচাৰ ঘটাবলৈ যথেষ্ট কৰণীয় আছে। গ্ৰাম্য পৰ্যটন বৰ্তমান সমগ্ৰ বিশ্বতে পৰ্যটনৰ এক জনপ্ৰিয় মাধ্যম। অসমৰ গ্ৰামাঞ্চলৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, খেতি পথাৰ, গ্ৰাম্য জীৱন প্ৰণালী, বিভিন্ন জনজাতীয় কৃষ্টি- সংস্কৃতি এই সকলোবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ যথেষ্ট থল আছে। সেইবাবে অসমৰ পৰ্যটন অৰ্থনীতি, নিয়োগ আৰু আয় বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ প্ৰয়োজনীয়তা আছে।

জনতাৰ চৰকাৰ মাই গভ অসমে জনসাধাৰণৰ পৰা গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ আৰু বিকাশ সাধন কৰাৰ ক্ষেত্ৰৰ মতামত আৰু দিহা- পৰামৰ্শ কামনা কৰিছে।

সকলো মন্তব্য
#RuralTourismAssam #BeautyOfAssam #EthnicAssam
Reset
1 তথ্য পোৱা গ’ল
560

Joaquín Soria 6 বছৰ 8 হিচাপপূৰ্বে

Southwestern Cambodia successfully runs community-based ecotourism to address such issues. First, this program targets villages of low GDP for ecotourism to help provide jobs and education for these communities. The local people in the villages determine the tourism activities available with an emphasis on showing their local culture. Due to that the local populations have limited their logging and other harmful practices. It has given a more successful industry and a better ecosystem.