You don't have javascript enabled. Please Enabled javascript for better performance.

FIFA U-17 World Cup Host City Logo Design Contest

Start Date: 04-07-2017
End Date: 11-07-2017

১৭ বছৰৰ অনূৰ্ধ ফিফা বিশ্বকাপৰ ১৭তম সংস্কৰণৰ আৰম্ভণিৰ বাবে মাত্ৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

১৭ বছৰৰ অনূৰ্ধ ফিফা বিশ্বকাপৰ ১৭তম সংস্কৰণৰ আৰম্ভণিৰ বাবে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ জনসাধাৰণ এই প্ৰতিযোগিতাৰ বাবে উলাহেৰে ৰৈ আছে। উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলপ্ৰেমী সকলৰ মাজতো উত্তেজনা বৃদ্ধি পাইছে কিয়নো এই বিশ্বকাপ আয়োজন কৰা মহানগৰী সমূহৰ ভিতৰত গুৱাহাটী মহানগৰীও অন্যতম।
গুৱাহাটীৰ বিচিত্ৰ সংস্কৃতিৰ আলোকপাত কৰাৰ উদ্দেশ্যে অসমৰ ক্ৰীড়া বিভাগে এক ল’গ’ ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আয়োজক মহানগৰীৰ ল’গ’ৰ মূল বিষয়বস্তু হ’ব এখন আধুনিক মহানগৰী হিচাবে প্ৰতিফলিত হোৱাৰ লগতে ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্য।
ফিফা আৰু স্থানীয় সংগঠক সমিতিয়ে নিৰূপণ কৰা অনুসৰি মহানগৰীৰ বিভিন্ন দিশ ল’গ’টোত প্ৰতিফলিত হ’ব লাগিব। এই ক্ষেত্ৰত ল’গ’ কেন্দ্ৰিক চূড়ান্ত সিদ্ধান্ত ফিফাই গ্ৰহণ কৰিব।
গুৱাহাটীৰ বাহিৰেও এই প্ৰতিযোগিতা ৬ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ দেশৰ পাঁচখন অন্যান্য ঠাইত অনুষ্ঠিত হ’ব। এই ঠাই সমূহ হ’ল, কোচি, গোৱা, নৱী মুম্বাই, নতুন দিল্লী আৰু কলকাতা।
যোগদানৰ অন্তিম তাৰিখ : ১০ জুলাই, ২০১৭
বিজয়ী প্ৰতিযোগীয়ে প্ৰমাণ পত্ৰ সহ নগদ ২৫,০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব।

সকলো মন্তব্য
মুঠ অৱদান ( 269) অনুমোদিত অৱদানসমূহ (258) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (11) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
320

Dulal Gogoi 6 বছৰ 9 হিচাপপূৰ্বে

Capturing the bordering mountains to pilgrimage Kamakhya Temple with the sky scrappers of Guwahati on the right. The tea, symbolic of tea garden stand atop while the frame is bounded with the Rhino, the state Animal of Assam and below flows the mighty Brahmaputra, the life-line of Assam. This logo holds life, infrastructure and spirituality in its core. The whole image compile, bringing the image of the boots of the football players.