You don't have javascript enabled. Please Enabled javascript for better performance.

Ideas on how to create livelihood opportunities through Tourism

Start Date: 15-05-2017
End Date: 16-06-2017

বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাবে বিনন্দীয়া ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাবে বিনন্দীয়া অসমক পৰিচিত কৰোৱাৰ যথেষ্ট থল আছে। বিভিন্ন সময়ত অসমৰ বিভিন্ন পৰ্যটন স্থলীসমূহ ঘৰুৱা আৰু দেশী-বিদেশী পৰ্যটকে পৰিভ্ৰমণ কৰা দেখা যায়। গতিকে শিক্ষিত নিবনুৱা সকলক সংস্থাপন দি পৰ্যটন ক্ষেত্ৰখনক এটা সম্পূৰ্ণ বাণিজ্যিক ৰূপত প্ৰসাৰ ঘটোৱাৰ প্ৰয়োজনীয়তা আছে।

অসম চৰকাৰে নগৰীয়া আৰু গ্ৰাম্য দুয়োটা পৰ্যটন ক্ষেত্ৰতেই সমানেই গুৰুত্ব দি এক বহনক্ষম প্ৰক্ৰিয়াৰ যোগেদি নিয়োগ আৰু বাণিজ্যিক লাভালাভৰ দিশত বিভিন্ন বিভিন্ন প্ৰকল্প হাতত লৈ আহিছে। শিক্ষিত নিবনুৱা সকলক বিভিন্ন ধৰণে পৰ্যটন ক্ষেত্ৰখনত সৱলীকৰণৰ দিশতো অসম চৰকাৰে আকৰ্ষিত কৰি আহিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ আঁচনি তথা প্ৰকল্প সমূহ সফল কৰি তোলাৰ ক্ষেত্ৰত সমূহীয়া এক প্ৰচেষ্টাৰ প্ৰয়োজন। অসম চৰকাৰে মাই গভ্ অসমৰ জৰিয়তে জনসাধাৰণৰ পৰা পৰ্যটন ক্ষেত্ৰখন জীৱিকাৰ ক্ষেত্ৰত কিদৰে সহায়ক হৈ উঠিব পাৰে এই সংক্ৰান্তত দিহা-পৰামৰ্শ দিবলৈ আহ্বান জনাইছে।

যোগদানৰ অন্তিম তাৰিখ : ১৮ জুন, ২০১৭

সকলো মন্তব্য
#AssamTourism,#MyGov #Assam
Reset
1 তথ্য পোৱা গ’ল