You don't have javascript enabled. Please Enabled javascript for better performance.

Suggestions for building proper infrastructure for promoting Assamese Films

Start Date: 27-05-2017
End Date: 20-07-2017

চিনেমা হৈছে এনে এক গণমাধ্যম যিয়ে সমাজত সজাগতাৰ লগতে বিভিন্ন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

চিনেমা হৈছে এনে এক গণমাধ্যম যিয়ে সমাজত সজাগতাৰ লগতে বিভিন্ন সামাজিক বিষয়বস্তু সমূহ প্ৰতিফলিত কৰে। মনোৰঞ্জনৰ লগতে চিনেমাই এখন দেশৰ জনগনৰ মাজত সাংস্কৃতিক মূল্যবোধ জীয়াই ৰখাতো সহায় কৰে। বিশ্বজনীন স্বীকৃতিৰে সকলো ক্ষেত্ৰৰ লোকক এডাল এনাজৰীৰে বন্ধাৰ কামো চিনেমাই কৰিব পাৰে।
অসমীয়া চিনেমাৰো আছে এক নিজস্ব ইতিহাস। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ ৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে অসমীয়া চিনেমাই গুণগত মানদণ্ডৰ ফালৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে। বিভিন্ন সন্মানেৰে উদ্ভাষিত হোৱা অসমীয়া চিনেমা বৰ্তমান হৈ পৰিছে এক চৰ্চাৰ বিষয়বস্তু। কিন্তু সময়ৰ লগে লগে অসমীয়া চিনেমা উদ্যোগটো বিভিন্ন কাৰকৰ প্ৰভাৱ পৰা দেখা গৈছে। ইয়াৰ ভিতৰত আন্ত:গাঁথনি, চিনেমা হলৰ সংখ্যা, কাৰিকৰী সুবিধা ইত্যাদিৰ অভাৱে উদ্যোগটোত প্ৰভাৱ পেলাইছে।

শেহতীয়াকৈ অসম চৰকাৰে অসমৰ চিনেমা উদ্যোগটোক উজ্জ্বীৱিত কৰাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছে। দেশ-বিদেশত অসমীয়া চিনেমাৰ প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। এই বিষয়ত জনসাধাৰণৰ সহযোগিতা বাঞ্চনীয়। অসম চৰকাৰে মাই গভ অসমৰ জৰিয়তে অসমীয়া চিনেমাৰ উন্নয়ন আৰু প্ৰসাৰত সহায়ক হোৱা বিভিন্ন ধৰণৰ পৰামৰ্শ তথা মতামত ৰাইজৰ পৰা আহ্বান কৰিছে। অসমীয়া চিনেমাক বিশ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত এই মতামত সমুহ খুবেই এক গুৰুত্বপূৰ্ণ দস্তাবেজ হিচাবে চিহ্নিত হ’ব।
=
যোগদানৰ অন্তিম তাৰিখ : ২৭ জুন, ২০১৭

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
430

Binita Dey 6 বছৰ 10 হিচাপপূৰ্বে

Films are one of the best means to express. Promotion of Assamese films can be done through advertisements. Now a days, social media has given a large platform for the promotion of films belonging to different genres. Self promotion of the films by the artists involved can also be helpful for the promotion of the films throughout the country.