You don't have javascript enabled. Please Enabled javascript for better performance.

Inviting Suggestions for Creating Better Job Opportunities In Assam

Start Date: 25-04-2017
End Date: 25-05-2017

নিয়োগ পৰিসৰ বৃদ্ধি এখন ৰাজ্যৰ উন্নয়্ন আৰু অৰ্থনৈতিক বিকাশৰ সংকেত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

নিয়োগ পৰিসৰ বৃদ্ধি এখন ৰাজ্যৰ উন্নয়্ন আৰু অৰ্থনৈতিক বিকাশৰ সংকেত হিচাবে বিবেচনা কৰা হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে আৰু লগতে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন দিয়াটো চৰকাৰৰ বাবে এক বৃহৎ চেলেঞ্জ হৈ পৰিছে। যদিও এই ক্ষেত্ৰত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ যথেষ্ট কাম আগবাঢ়িছে তথাপি বৰ্তমানৰ সময়ৰ সৈতে এই চাহিদা পূৰণৰ ক্ষীপ্ৰতাৰে মোকাবিলা কৰিবলৈ বিভিন্ন আঁচনি চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছে।
চৰকাৰে প্ৰতিগৰাকী যোগ্য ব্যক্তিক নিয়োগৰ সুবিধাৰ জৰিয়তে সহায় কৰা আৰু তেওঁলোকৰ কৰ্মদক্ষতাৰে এক উন্নত মানৱ সম্পদ গঢ়াত সদায়েই গুৰুত্ব দি আহিছে। এই উদ্দেশ্য আগত ৰাখি চৰকাৰে ব্ৰেইন ড্ৰেইনক নিৰুৎসাহ কৰি নতুন আৰু উদ্ভাৱনীমুলক দক্ষতাৰে নিয়োগ সৃষ্টি কৰাৰ লগতে নিয়োগ সন্ধানী সকলক বিভিন্ন কৰ্মদক্ষতাৰ বাবে উৎসাহিত কৰাৰ ওপৰত কামকাজ কেন্দ্ৰীভূত কৰিছে যিয়ে ৰাজ্যৰ লগতে দেশৰ বিকাশত এক উৎকৃষ্ট মানৱ সম্পদ হিচাবে চিহ্নিত হ’ব।
চৰকাৰৰ এই কাৰ্যক এক নতুন দিশ দিবলৈ জনসাধাৰণৰ পৰা মাই গভ অসমৰ যোগেদি দিহা পৰামৰ্শ বিচৰা হৈছে।

যোগদানৰ অন্তিম তাৰিখ : ২৫ মে, ২০১৭

সকলো মন্তব্য
#AssamMyGov, #MyGov, #Employment, #Labour&Employment
Reset
1 তথ্য পোৱা গ’ল
430

Himangshu Basistha 6 বছৰ 10 হিচাপপূৰ্বে

Solar power stations at every village. Lets make all villages powered.
land: 1/2 bigha
jobs: Technicians, cleaners, etc
revenues: Power
Milk farm at every village.
land: 2-3 bighas
jobs: Milkman, cleaner, grass collector
revenues: Milk, gobar gas, vermi compost(another job would be created for someone who collects weeds)
Pork farm at every village
land: 2 bigha
Jobs: Collect wasted foods, processed pork, raw pork
Revenue: Meat
Jai Aai Axom, Jai Hind, Jai Hindustan