You don't have javascript enabled. Please Enabled javascript for better performance.

How to reduce food waste?

Start Date: 14-10-2020
End Date: 31-10-2020

খাদ্য হৈছে জীৱনধাৰণৰ এক মৌলিক প্ৰয়োজনীয়তা আৰু অত্যাৱশ্যকীয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
খাদ্য অপচয় কেনেদৰে ৰোধ কৰিব?

খাদ্য হৈছে জীৱনধাৰণৰ এক মৌলিক প্ৰয়োজনীয়তা আৰু অত্যাৱশ্যকীয় উপাদান। জীয়াই থকাৰ মূল উপাদান যদিও, এনে বহু লোক আছে যিয়ে দৈনিক পুষ্টিকৰ খাদ্য লাভৰ পৰা বঞ্চিত হৈ আছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ দ্বাৰা ২০১১ চনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, প্ৰতি বছৰে বিশ্বত মানুহৰ বাবে প্ৰস্তুত কৰা খাদ্যৰ প্ৰায় এক-তৃতীয়াংশ নষ্ট হয়। ই কেৱল দেশ এখনৰ অৰ্থনীতিৰ ওপৰতে প্ৰভাৱ নেপেলায়, বৰং পৰিৱেশৰ ওপৰতো অপ্ৰয়োজনীয় চাপ সৃষ্টি কৰে।

সেইবাবে, খাদ্য গ্ৰহণৰ অভ্যাসসমূহ নিয়ন্ত্ৰণ কৰাটো এক প্ৰয়োজনীয় বিষয়বস্তু হৈ পৰিছে। খাদ্য অপচয় পৰিহাৰ কৰাৰ বহুতো উপায় আছে। উদাহৰণস্বৰূপে, আমি প্ৰয়োজন অনুসৰি খাদ্য ক্ৰয় কৰা, প্ৰয়োজনীয় খাদ্যৰ আগতে আহাৰ পৰিকল্পনা কৰা, অৱশিষ্ট খাদ্য বিভিন্ন ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰা, বন্ধ পাত্ৰত খাদ্য সংৰক্ষণ কৰা ইত্যাদি। আমি এই কথাটো মনত ৰখা উচিত যে, আমি প্ৰতিদিনেই যিসময়ত বিশ্বব্যাপী হোৱা খাদ্য সংকটত অৰিহণা যোগাই আহিছো, একে সময়তে কোনো লোকে বিশ্বৰ এচুকত এবেলাৰ পুষ্টিকৰ আহাৰ লাভৰ পৰা বঞ্চিত হৈ আছে।
বিশ্ব খাদ্য দিৱস উপলক্ষে, খাদ্য অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে অথবা খাদ্য অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত আমাৰ ভূমিকা কেনেধৰণৰ হোৱাটো প্ৰয়োজন, এই বিষয়ৰ ওপৰত আপোনাৰ মতামত প্ৰেৰণ কৰক। মতামতসমূহ তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
10910

Rupam Urang 3 বছৰ 5 হিচাপপূৰ্বে

১ প্ৰয়োজন আৰু সামৰ্থ অনুসাৰে খাদ্য লোৱা।
২ ৰাহি হোৱা খাদ্যবোৰক অন্য কামত বা পুনৰাবৰ্তন কৰিবলৈ যত্ন কৰা।
৩ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ প্ৰতি ধ্যান দিয়া।
৪ কম ঠাইত কৰিব পৰা শাক-পাচলি উৎপাদন কৰাৰ প্ৰতি ধ্যান দিয়া।
৫ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় হোৱা খাদ্যবোৰক আগ্ৰধিকাৰ দিয়া।
৬ খাদ্য বস্তুৰ নাটনি আৰু সংৰক্ষণৰ বিষয়ে সমাজ আৰু নিজ সন্তানবোৰক সজাগ কৰা।