You don't have javascript enabled. Please Enabled javascript for better performance.

মৎস্য পালনেৰে স্বাৱলম্বী উদ্যমী মহিলা ৰঞ্জিতা শইকীয়া ডেকা

Start Date: 22-09-2020
End Date: 30-09-2023
কৃষি, উদ্যান-শস্য ইত্যাদি প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহৰ সমান্তৰালভাৱে বৰ্তমান সময়ত জীৱিকাৰ এক অন্যতম উপায় হৈছে মৎস্য পালন । চৰকাৰৰ মীন বিভাগৰ অধীনতো নতুন নতুন বিভিন্ন উদ্ভাৱনীমূলক পদ্ধতি অন্তৰ্ভুক্তিৰ দ্বাৰা বিভিন্ন আঁচনি ৰূপায়ণ কৰি বিভিন্নজনক উপযুক্ত সুবিধাসমূহ প্ৰদান কৰি অহা হৈছে । এই সুবিধাসমূহে উদ্যমী ব্যক্তিসকলক মৎস্য পালনৰ জৰিয়তে আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰি আাহিছে । মীন বিভাগৰ অধীনত ৰূপায়িত মৎস্য পালনৰ এক অন্যতম পদ্ধতি হৈছে নীল বিপ্লৱ আঁচনিৰ অধীনৰ পুনঃচক্ৰীয় মৎস্য পালন পদ্ধতি । পুনঃচক্ৰীয় মৎস্য পালন পদ্ধতিৰ দ্বাৰা মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট মোকলাইছে কামৰূপ জিলাৰ এগৰাকী উদ্যমী মহিলা ৰঞ্জিতা শইকীয়া ডেকাই । এই পদ্ধতিৰ জৰিয়তে চৰকাৰৰ পৰা লাভ কৰা ৰাজসাহাৰ্য্যৰ সহায়েৰে নিজৰ ঘৰতেই খুব কম পৰিসৰত আৰু কম সংখ্যক ব্যক্তি নিয়োগেৰে মৎস্য পালন কৰি এইগৰাকী উদ্যমী মহিলাই সকলোকে দেখুৱাইছে আদৰ্শৰ বাট । আহক এটি ভিডিঅ’ৰ জৰিয়তে ৰঞ্জিতা শইকীয়া ডেকাৰ এই প্ৰচেষ্টাৰ বিষয়ে সবিশেষ জানো ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল