You don't have javascript enabled. Please Enabled javascript for better performance.

Unity and brotherhood in Dr Bhupen Hazarika's songs

Start Date: 08-09-2020
End Date: 20-09-2020

অসমৰ সঙ্গীতৰ আকাশত সদায়েই জিলিকি থকা এটি ভোটাতৰা হৈছে ভাৰতৰত্ন ড: ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
ডঃ ভূপেন হাজৰিকাৰ গীতত একতা আৰু ভ্ৰাতৃত্ববোধৰ নিদৰ্শন

অসমৰ সঙ্গীতৰ আকাশত সদায়েই জিলিকি থকা এটি ভোটাতৰা হৈছে ভাৰতৰত্ন ড: ভূপেন হাজৰিকা। এইগৰাকী বিশ্ববিশ্ৰুত শিল্পীয়ে সমাজ, সভ্যতা, সংস্কৃতি সকলোকে আকোঁৱালি লৈ গীত ৰচিছিল। তেখেতৰ গীতত স্বদেশ প্ৰেম, মানৱতাবোধ, জীৱনৰ প্ৰতিচ্ছৱি, মানুহৰ জীৱন সংগ্ৰাম, জনগোষ্ঠীয় একতা, প্ৰকৃতি প্ৰেম, ইতিহাস, ৰাজনীতি, বিজ্ঞান ইত্যাদি বিষয় অনুৰণিত হয়। ইয়াৰ উপৰিও তেখেতৰ গীতত প্ৰতিধ্বনিত হয় সামাজিক বৈষম্য, সংকীৰ্ণতা, অন্যায়-অবিচাৰৰ বিৰুদ্ধে উদত্ত আহ্বান। বিষয়বস্তুৰ এনে বিশালতাৰ বাবে সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাই দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত খ্যাতি লাভ কৰিছিল। দেশৰ সংগীতৰ ক্ষেত্ৰখনলৈ হাজৰিকা দেৱে আগবঢ়োৱা অৱদান দেশবাসীয়ে সদায়েই স্মৰণ কৰি যাব।

একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত আৰু চলচ্চিত্ৰ পৰিচালক সুধাকণ্ঠ ড: ভূপেন হাজৰিকা দেৱৰ ৮ ছেপ্তেম্বৰত ওপজা দিন । ওপজা দিনৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ অসমে এক বিশেষ আলোচনাৰ আয়োজন কৰিছে। আলোচনাৰ বিষয়বস্তু হ’ল ঃ “ভূপেন হাজৰিকাৰ গীতত একতা আৰু ভ্ৰাতৃত্ববোধৰ নিদৰ্শন ।” ইচ্ছুকসকলে এই বিষয়বস্তুটিৰ সন্দৰ্ভত এটি চমু লেখা তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

অংশগ্ৰহণৰ অন্তিম তাৰিখ ঃ ২০ ছেপ্তেম্বৰ, ২০২০

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
931060

Susanta Kumar Pattnaik 3 বছৰ 7 হিচাপপূৰ্বে

Durring my student life I came across the gigantic personality Hajarika as a patriotic, singer, nature lover etc. His call for National integrity and sovereignty is incredible. He made people to mainframe of National theme. His ideology is simple and kindness is fill. His work towards uniting people and motivate people to participate in government program or to be in social flow and maintain positivity, develop good habits, modification in behavior, refining culture etc are ever highlighted