You don't have javascript enabled. Please Enabled javascript for better performance.

তথ্য-প্ৰযুক্তিৰ সহায়েৰে শিক্ষাদান সন্দৰ্ভত শিক্ষাৰ্থীৰ অভিজ্ঞতা

Start Date: 26-04-2020
End Date: 31-12-2020

ক’ভিড-১৯ ৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বজুৰি জনজীৱন স্তব্ধ হৈ পৰিছে। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ক’ভিড-১৯ ৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বজুৰি জনজীৱন স্তব্ধ হৈ পৰিছে। লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো দিশতে পৰিস্থিতি জটিল হৈ পৰাৰ সমান্তৰালভাৱে শিক্ষা খণ্ডতো ইয়াৰ এক বিৰূপ প্ৰভাৱ পৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত লকডাউনেই হ’ল সৰ্বশ্ৰেষ্ঠ উপায়। সেয়েহে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই দেশৰ সকলো কাৰ্যালয়, প্ৰতিষ্ঠান, দোকান-পোহাৰ আদি বন্ধ ৰখাৰ লগতে সকলো শিক্ষানুষ্ঠান দীৰ্ঘদিন ধৰি বন্ধ ৰখা হৈছে।

এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ সুবিধা তথা ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়সমূহে অনলাইনযোগে পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। বিভিন্ন ধৰণেৰে তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ নিয়মীয়াকৈ শ্ৰেণীসমূহৰ পাঠ্যক্ৰম আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে।

লকডাউনৰ সময়ছোৱাত এগৰাকী শিক্ষাৰ্থী হিচাবে শিক্ষা গ্ৰহণৰ দিশত তথ্য-প্ৰযুক্তিৰ দ্বাৰা আপুনি কিদৰে উপকৃত হৈছে ? এই সন্দৰ্ভত আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰক । তলত মন্তব্য আকাৰে নিজৰ অভিজ্ঞতাৰ বিষয়ে সবিশেষ লিখি প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
10650

BIKRAMJIT NATH 3 বছৰ 11 হিচাপপূৰ্বে

During Covid-19 pandemic, technology is the last option to be connected with the world. As we are the members the global village, it is foremost responsibility to remain aware and connected with the right information, not any baseless rumours or stigma due to the outbreak of the Corona Virus!