You don't have javascript enabled. Please Enabled javascript for better performance.

অসীম ধৈৰ্য আৰু সাহসৰ নিদৰ্শন পিংকী মালাকাৰ

Start Date: 10-05-2019
End Date: 31-05-2022
কৰ্মক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত কোনো প্ৰভেদ নাথাকে। এগৰাকী মহিলাই যিকোনো কৰ্মতে নিজকে নিয়োজিত কৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পুৰুষৰ সমানেই কাম কৰি আগুৱাই যাব পাৰে। দৈনিক ৰুটিনখন সঠিকভাৱে প্ৰস্তুত কৰি লৈ বৃত্তিৰ সমান্তৰালভাৱে ঘৰুৱা দায়িত্বও সুন্দৰকৈ পালন কৰিব পাৰে। এই দৃঢ় মনোভাৱেৰে আগুৱাই গৈ কঠোৰ জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিছে গুৱাহাটীৰ এগৰাকী কৰ্মোদ্যমী মহিলা, এটি কন্যা সন্তানৰ মাতৃ পিংকী মালাকাৰে। অসীম সাহস বুকুত বান্ধি এইগৰাকী মাতৃয়ে নিজকে বিভিন্ন প্ৰত্যাহ্বানমূলক কৰ্মত নিয়োজিত কৰি আহিছে । সন্তানৰ দায়িত্ব পালনত তেখেতে তিলমানো ত্ৰুটি কৰা নাই। শেহতীয়াকৈ দুচকীয়া বাহনেৰে খাদ্য বিতৰণ সেৱাত নিয়োজিত হৈ তেখেতে স্বাৱলম্বনৰ বাট মোকলাই লৈছে আৰু সন্তানৰ পঢ়া-শুনা, ভৰণ-পোষণৰ দায়িত্ব নিয়াৰিকৈ পালন কৰি আহিছে। এইগৰাকী কৰ্মোদ্যমী মহিলাই সকলোকে দেখুৱাইছে আদৰ্শৰ বাট।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল