You don't have javascript enabled. Please Enabled javascript for better performance.

অসম ঐতিহ্য সুৰক্ষা আইন (নিৰ্মিত)-ৰ বাবে দিহা-পৰামৰ্শৰ আহ্বান

Start Date: 04-01-2020
End Date: 18-01-2020

অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত অসমৰ ঐতিহ্য সমূহৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত অসমৰ ঐতিহ্য সমূহৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে অসম ঐতিহ্য সুৰক্ষা আইন (নিৰ্মিত) প্ৰণয়নৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই আইনখনে ঐতিহ্যৰ চিনাক্তকৰণ, তালিকাভুক্তকৰণ, সীমা নিৰ্ধাৰণ, সুৰক্ষা নিশ্চিতকৰণ, বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ আাৰু সংবৰ্ধনৰ লগতে ৰাজ্যখনৰ প্ৰত্নতাত্বিক আৰু বুৰঞ্জীপ্ৰসিদ্ধ, সত্ৰসমূহ, প্ৰাচীন দৌল-দেৱালয় আৰু ধৰ্মীয় অনুষ্ঠান, সাংস্কৃতিক কেন্দ্ৰ, সামাজিক পৰম্পৰাগত প্ৰতিষ্ঠান, সংগ্ৰহালয়ত প্ৰদৰ্শিত সামগ্ৰী, কলা সম্পদ, পাণ্ডুলিপি ইত্যাদিক অন্তৰ্ভূক্ত কৰিব। অসম ঐতিহ্য সুৰক্ষা (নিৰ্মিত) আইনখনে উল্লিখিত স্থানসমূহৰ খৰতকীয়া বেদখলমুক্তকৰণ, তাৎক্ষণিক ভূমি হস্তান্তৰকৰণ, স্বীকৃতিকৰণ আদি বিষয়সমূহ সন্নিবিষ্ট কৰিব।

এই বিধেয়কৰ প্ৰস্তুতকৰণৰ প্ৰাকমূহুৰ্তত ৰাজ্যখনৰ অনুষ্ঠান, প্ৰতিষ্ঠানকে ধৰি আগ্ৰহী ৰাইজক সন্নিবিষ্ট হ’ব লগা বিষয়বোৰৰ ক্ষেত্ৰত দিহা পৰামৰ্শ archaeologyassam@gmail.com মেইলযোগে অথবা তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

পৰামৰ্শ প্ৰেৰণৰ অন্তিম তাৰিখঃ ১৮ জানুৱাৰী, ২০২০

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল