You don't have javascript enabled. Please Enabled javascript for better performance.

কৰ্কট ৰোগক জয় কৰা এগৰাকী সাহসী মহিলা - দীপিকা ফুকন

Start Date: 16-11-2019
End Date: 30-11-2022
ধৈৰ্য, সাহস আৰু অসীম মনোবলৰ অধিকাৰী এগৰাকী মহিলা। ২০০৫ চনত ধৰা পৰিছিল স্তনৰ কৰ্কট ৰোগ। কিন্তু সিমানতে তেখেতে ধৈৰ্য্য হেৰুওৱা নাছিল। অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে যোৱাৰ সলনি গুৱাহাটীস্থ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা আৰম্ভ কৰিছিল আৰু পৰ্যায়ক্ৰমে চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণৰূপে কৰ্কট ৰোগৰ পৰা মুক্ত হৈ পৰিছিল। দীপিকা ফুকন, অসমৰ এগৰাকী অগ্ৰণী অনুবাদক। অসমীয়া অনুবাদ সাহিত্যলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা দীপিকা ফুকন আক্ৰান্ত হৈছিল স্তনৰ কৰ্কট ৰোগৰ দ্বাৰা। কিন্তু কোনো ধৰণৰ লুকঢাক নকৰাকৈ নিজৰ সজাগতা, ধৈৰ্যশক্তিৰ লগতে উপযুক্ত চিকিৎসাৰ দ্বাৰা সেই ৰোগৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হৈ পৰিছিল। এই ক্ষেত্ৰত তেখেতক পদে পদে সাহস দি আহিছিল স্বামী সত্যেন ফুকনে। কেৱল এয়েই নহয়, অসমত কৰ্কট ৰোগৰ গৱেষণাৰ ক্ষেত্ৰখনক সহায় কৰিবলৈ ২৫ লাখ টকাৰ আৰ্থিক অনুদানেৰে ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ তত্বাৱধানত Deepika Phukan Oncology Research Grant নামেৰে এক ফেল’শ্বিপ প্ৰদানৰো ব্যৱস্থা কৰিছে ফুকন দম্পতীয়ে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল