You don't have javascript enabled. Please Enabled javascript for better performance.

Paint Dreams on Wall | Guwahati

Start Date: 11-10-2019
End Date: 31-10-2022
যোৱা ২৯ ছেপ্তেম্বৰৰ পৰা পৰা ১ অক্টোবৰলৈ জনতাৰ চৰকাৰ মাই গভ্ অসমৰ উদ্যোগত আৰু গুৱাহাটী পৌৰ নিগমৰ সহযোগত অনুষ্ঠিত হৈ যায় এক দেৱাল অংকন প্ৰতিযোগিতা। চূড়ান্ত পৰ্যায়ত মুঠ ছটা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত মহানগৰীৰ ছটা বিভিন্ন স্থানত দেৱাল অংকন কৰা হয়। মূলত: বৰষুণৰ পানী সংৰক্ষণ, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ৰোধ, স্বচ্ছ আৰু সেউজ অসম আৰু সবল ভাৰত আন্দোলনক মূল বিষয়বস্তু হিচাবে লৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰাইজৰ মাজত এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ছটা দলেই নিজৰ উৎকৃষ্ট সৃজনশীল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰি দেৱালসমূহ সুন্দৰ ৰূপত সজাই তোলে। গান্ধী জয়ন্তীৰ দিনা গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত এই দেৱাল অংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক আনুষ্ঠানিকভাৱে পুৰস্কাৰ প্ৰদান কৰা হয় ৷ পুৰস্কাৰমূহ বিতৰণ কৰে গুৱাহাটী পৌৰ নিগমৰ মাননীয় আয়ুক্ত শ্ৰীযুত দেৱেশ্বৰ মালাকাৰ ডাঙৰীয়াই ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল