You don't have javascript enabled. Please Enabled javascript for better performance.

গোলাঘাট জিলাৰ এগৰাকী সফল ব্যৱসায়ী অৰ্পণ জ্যোতি শৰ্মা

গোলাঘাট জিলাৰ ঢেকীয়াল গাঁও নিবাসী এজন উদ্যমী যুৱক অৰ্পণ জ্যোতি শৰ্মা। দুগ্ধ উৎপাদনক জীৱিকাৰ সম্বল হিচাবে গ্ৰহণ কৰা অৰ্পণ জ্যোতি শৰ্মাই যোৱা কেইবাবছৰ ধৰি এই ব্যৱসায়ৰ লগত জড়িত হৈ এগৰাকী সফল ব্যৱসায়ী হিচাবে প্ৰতিষ্ঠিত হৈছে। দুজনী গাই গৰুৰে আৰম্ভ হোৱা এই ব্যৱসায় বৰ্তমান ৪০ জনী গাই গৰুৰে সফলভাবে চলি আছে। দৈনিক প্ৰায় ২৪৫ লিটাৰকৈ গাখীৰ উৎপাদন আৰু বিভিন্ন দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়েৰে অৰ্পণ জ্যোতি শৰ্মাই গোপালনক দিছে এক সফল ব্যৱসায়িক ৰূপ। মাই গভ অসমে গোলাঘাট জিলাৰ এইগৰাকী যুৱ ব্যৱসায়ীৰ সৈতে কিছুদিন পূৰ্বে বাৰ্তালাপ কৰিছিল।
All Comments
Discussions on This Talk
Reset
2 Record(s) Found

shanku das 2 months 2 weeks ago

নমস্কাৰ ভাই তুমি বহুত ভাল কাম কৰিছা তোমাৰ উন্নতি কামনা কৰিলো

Rajdeep Hazarika 2 months 2 weeks ago

Mr.Arpan jyoti sharma i want to contact u.....how is it possible...can i have your number