You don't have javascript enabled. Please Enabled javascript for better performance.

ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কবিতা

Start Date: 01-08-2020
End Date: 10-08-2020

ইংৰাজৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি দেশৰ স্বাধীনতা আজুৰি আনিছিল মুক্তি ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ইংৰাজৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি দেশৰ স্বাধীনতা আজুৰি আনিছিল মুক্তি যুঁজাৰু তথা স্বাধীনতা সংগ্ৰামীসকলে। নিজৰ প্ৰাণ আহুতি দি পৰাধীনতাৰ শিকলি ছিঙা বীৰ শ্বহীদসকলৰ সাহস আৰু বীৰত্বই দেশবাসীক উদ্বুদ্ধ কৰি তোলে। এইসকল বীৰ শ্বহীদৰ প্ৰতি দেশে সদায়েই সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰি আহিছে।

দেশৰ বীৰ শ্বহীদসকলৰ বীৰত্ব আৰু আত্মবলিদানৰ প্ৰতি সন্মান জনাই দেশৰ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্ অসমে দেশভক্তিমূলক কবিতা আবৃত্তিৰ ভিডিঅ' প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে ৷

নিৰ্বাচিত আবৃত্তিৰ ভিডিঅ’সমূহৰ সংকলন প্ৰস্তুত কৰি মাই গভ্ অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব ।

কবিতা আবৃত্তিৰ ভিডিঅ’ কৰি সেই ভিডিঅ’ মেইল আই ডি mygovassam@gmail.com ৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব।

বিষয়বস্তু: দেশভক্তিমূলক কবিতা
ফৰ্মেট: ভিডিঅ’
শাখা: সকলোৰে বাবে মুকলি
জমা দিয়াৰ অন্তিম তাৰিখ: ১০ আগষ্ট

নিয়মাৱলীসমূহ:
নিজে লিখা কবিতাও গ্ৰহণ কৰা হ’ব
মোবাইলেৰেও ভিডিঅ’ প্ৰস্তুত কৰি প্ৰেৰণ কৰিব পাৰিব
কেৱল অডিঅ’ ৰেকৰ্ডিং গ্ৰহণ কৰা নহ’ব
ভিডিঅ’টোৰ লগতে অংশগ্ৰহণকাৰীৰ নাম, ঠিকনা আৰু ফোন নম্বৰ লিখি মেইলযোগে প্ৰেৰণ কৰিব লাগিব
এগৰাকী অংশগ্ৰহণকাৰীৰ পৰা এটা ভিডিঅ’হে গ্ৰহণ কৰা হ’ব
ভিডিঅ’ৰ মানদণ্ড উন্নত হোৱাটো বাধ্যতামূলক
কোনো নিৰ্দিষ্ট ভাষা নিৰ্ধাৰিত নহয়
বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত
ভিডিঅ’টো মাই গভৰ বাহিৰে আন কোনো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিব নোৱাৰিব

সকলো মন্তব্য
মুঠ অৱদান ( 4) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (4) জমা বন্ধ