You don't have javascript enabled. Please Enabled javascript for better performance.

বিশ্ব জনসংখ্যা পষেক উপলক্ষে শ্ল’গান লিখা প্ৰতিযোগিতা

Start Date: 11-07-2020
End Date: 24-07-2020

প্ৰতি বছৰেই সমগ্ৰ বিশ্বতে ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰতি বছৰেই সমগ্ৰ বিশ্বতে ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় । এই বিশেষ দিনটোত প্ৰধানকৈ পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাই চৰকাৰৰ মূল উদ্দেশ্য। ইয়াৰ উপৰিও জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা বিভিন্ন সমস্যা যেনে, দৰিদ্ৰতা, খাদ্য সংকট, থকা ঠাইৰ অভাৱ, মানৱ অধিকাৰ উলংঘন ইত্যাদিৰ দিশতো সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত এই বিশেষ দিনটোৱে বিশেষ তাৎপৰ্য বহন কৰি আহিছে।

বিশ্ব জনসংখ্যা পষেক উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমে আয়োজন কৰিছে এক শ্ল’গান লিখা প্ৰতিযোগিতা । নিৰ্ধাৰিত বিষয়বস্তু হ’ল “জনসংখ্যা বৃদ্ধি আৰু খাদ্য সংকট”।

প্ৰতিযোগীসকলে মাই গভ অসম পৰ্টেলৰ জৰিয়তে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব।

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত তিনিগৰাকী প্ৰতিযোগীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ’ব । লগতে তেওঁলোকে প্ৰেৰণ কৰা শ্ল’গান মাই গভ অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব।

শ্ল’গান প্ৰেৰণৰ অন্তিম তাৰিখঃ ২৪ জুলাই, ২০২০

নিয়মাৱলীসমূহ
• শ্ল’গান উল্লিখিত নিৰ্দিষ্ট বিষয়বস্তুক সাঙুৰি প্ৰস্তুত কৰিব লাগিব।
• MSWord / JPEG/PNG/PDF/TIFF ফৰ্মেটত দাখিল কৰিব লাগিব।
• শ্ল’গান অসমীয়া অথবা ইংৰাজী ভাষাত হ’ব লাগিব।
• চিঞাহীৰে লিখি ফটো আপলোড কৰিলে সেয়া গ্ৰহণীয় নহ’ব।
• শ্ল’গানৰ ভাষা অমাৰ্জিত অথবা অসংবিধানিক হ’ব নোৱাৰিব।
• প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা ব্যক্তি মূল শ্ল’গানৰ লিখক হ’ব লাগিব আৰু কোনো ধৰণৰ নকল কৰিব নোৱাৰিব।
• আকৰ্ষণীয় শ্ল’গানক প্ৰাধান্য দিয়া হ’ব। ২০ টাতকৈ অধিক শব্দৰ হ’ব নোৱাৰিব।

সকলো মন্তব্য
মুঠ অৱদান ( 73) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (73) জমা বন্ধ