You don't have javascript enabled. Please Enabled javascript for better performance.

বন মহোৎসৱ উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতা

Start Date: 02-07-2018
End Date: 31-07-2018

বন মহোৎসৱ (১ – ৭ জুলাই) হৈছে বন আৰু বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বন মহোৎসৱ (১ – ৭ জুলাই) হৈছে বন আৰু বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ অনুষ্ঠিত এক বাৰ্ষিক অনুষ্ঠান। ১৯৫০ চনত সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা এই অভিযানে বৃহৎ সংখ্যক গছপুলি ৰোপণ আৰু পৰিৱেশ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰি আহিছে। মানুহৰ জীৱন ধাৰণ প্ৰণালী সম্পূৰ্ণৰূপে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিৱেশৰ ভাৰসাম্যতা গছপুলি ৰোপণেৰে ৰক্ষা কৰাটো এটা অতি প্ৰয়োজনীয় বিষয়।
বন মহোৎসৱ উপলক্ষে আয়োজিত এই প্ৰতিযোগিতাত আমাৰ সৈতে শ্বেয়াৰ কৰক পৰিৱেশক মূল বিষয়বস্তু হিচাবে লৈ উঠোৱা ফটোগ্ৰাফ, যিয়ে অসমক এখন সেউজ ভূমি হিচাবে প্ৰতিষ্ঠা কৰে।
নিৰ্বাচিত ৫ গৰাকী প্ৰতিযোগীয়ে লাভ কৰিব ‘জনতাৰ চৰকাৰ MyGov Assam’ অসমৰ প্ৰমাণপত্ৰ।
নিয়মাৱলী :
• ফটোসমূহ JPG অথবা PNG ফৰমেটত জমা কৰিব লাগিব।
• ফটোৰ আকাৰ 4MB তকৈ অধিক হ’ব নোৱাৰিব।
• ফটোত কোনো ধৰণৰ আপত্তিকৰ বিষয়বস্তু থাকিব নোৱাৰিব।
• প্ৰতিযোগিতাত দাখিল কৰা সকলো ফটো মাই গভ্‍ অসমে ব্যৱহাৰ কৰাৰ স্বত্ব থাকিব।
• মাই গভ্ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 88) অনুমোদিত অৱদানসমূহ (87) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (1) জমা বন্ধ
Reset
87 তথ্য পোৱা গ’ল