You don't have javascript enabled. Please Enabled javascript for better performance.

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে সংকল্প গ্ৰহণ অনুষ্ঠান

Start Date: 31-10-2019
End Date: 30-10-2022
স্বাধীন ভাৰতৰ অন্যতম খনিকৰ 'লৌহমানৱ' চৰ্দাৰ বল্লভভাই পেটেল। বিগত বৰ্ষৰ পৰা ভাৰত চৰকাৰৰ উদ্যোগত সমগ্ৰ ভাৰতবাসীয়ে এইগৰাকী মহান মনিষীৰ জন্ম দিনটো ‘ৰাষ্ট্ৰীয় একতা দিৱস’ হিচাবে পালন কৰি আহিছে। দেশৰ স্বধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ভাৰতবৰ্ষক বৃটিছ শাসনৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা বল্লভভাই পেটেলে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমগ্ৰ দেশবাসীক একত্ৰিত কৰাত এক অনন্য ভূমিকা গ্ৰহণ কৰিছিল। দেশৰ ঐক্য-সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত অহৰহভাৱে কৰ্ম কৰি যোৱা এইগৰাকী মহান ব্যক্তিৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰচাৰৰ লক্ষ্যৰে ২০১৯ বৰ্ষৰ ৩১ অক্টোবৰ, ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ দিনা অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা হয় এক সংকল্প গ্ৰহণ অনুষ্ঠান। জনতা ভৱন প্ৰাংগণত আয়োজিত এই অনুষ্ঠানত অংশ লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সকলো চৰকাৰী বিষয়া আৰু কৰ্মচাৰীক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানটিত সকলো একত্ৰিত হৈ ঐক্য-সম্প্ৰীতি অটুট ৰখাৰ লগতে আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিতকৰণৰ হকে সংকল্পবদ্ধ হয়। উল্লেখযোগ্য যে, এই অনুষ্ঠানটিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 'লৌহমানৱ' চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শ অনুকৰণ কৰি অসমখনক এখন শক্তিশালী ৰাজ্য হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোকে আগভাগ ল’বলৈ আহ্বান জনায়।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
4 তথ্য পোৱা গ’ল