You don't have javascript enabled. Please Enabled javascript for better performance.

মুকুতাৰ উৎপাদনেৰে স্বাৱলম্বী নাৰায়ণ চন্দ্ৰ দাস

Start Date: 10-01-2020
End Date: 10-01-2020
সাগৰীয় শামুকৰ গৰ্ভত উৎপন্ন হয় মূল্যৱান মুকুতা। এটা শামুকৰ গৰ্ভত প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা মুকুতাৰ চাহিদা সমগ্ৰ বিশ্বজুৰি অতি উচ্চমানৰ৷ সাম্প্ৰতিক সময়ত কৃত্ৰিম পদ্ধতিৰেও মুকুতা উৎপাদন কৰি বিশ্বৰ মুকুতাৰ বজাৰখন দখল কৰিবলৈ সক্ষম হৈছে চীন, জাপান, বাংলাদেশ, ভিয়েটনাম আদি দেশৰ লগতে ভাৰতৰ ৰাজস্থান, কৰ্ণাটক, ঝাৰখন্ড আদি বিভিন্ন ঠাইৰ বহু উদ্যমী যুৱক-যুৱতীয়ে। শেহতীয়াকৈ অসমতো এক নতুন চিন্তাধাৰাৰে শামুকৰ গৰ্ভত মুকুতাৰ খেতি কৰি এটি নতুন ধাৰাৰ সূচনা কৰিবলৈ সক্ষম হৈছে চাংসাৰিৰ ৰাইপাট গাঁৱৰ এগৰাকী উদ্যমী ব্যক্তিয়ে। নাম নাৰায়ণ চন্দ্ৰ দাস। ফাৰ্মাচিষ্টৰ পেছা পৰিত্যাগ কৰি ঘৰৰ বাৰীতে পকীকৈ টেংকী সাজি শামুক পুহি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে মুকুতা উৎপাদন কৰাৰ লগতে স্বাৱলম্বনৰ বাট মোকলাই লৈছে নাৰায়ণ চন্দ্ৰ দাসে। কলকাতাত প্ৰশিক্ষণ গ্ৰহণ কৰি বিশ্বৰ আন আন ঠাইৰ দৰে অসমতো মুকুতা বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে এইগৰাকী উদ্যমী ব্যক্তিয়ে। গাঁওখনৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী যুৱক-যুৱতীক দাসে দেখুওৱাইছে আদৰ্শৰ বাট। আহক এটি ভিডিঅ’ৰ জৰিয়তে তেখেতৰ এনে কৰ্মোদ্যমৰ বিষয়ে কিছু কথাৰ গম লওঁ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে