You don't have javascript enabled. Please Enabled javascript for better performance.

বস্ত্ৰ উৎপাদনেৰে স্বাৱলম্বী উদ্যোগী যুৱক প্ৰণৱ তালুকদাৰ

Start Date: 06-11-2020
End Date: 06-11-2020
২০১৮ চনত গুৱাহাটীৰ বৰাগাঁৱত উদ্যমী যুৱক প্ৰণৱ তালুকদাৰে আৰম্ভ কৰিছিল বস্ত্ৰ উৎপাদনৰ এটি উদ্যোগ। বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ বাবে স্বাৱলম্বনৰ এক উৎকৃষ্ট নিদৰ্শন হৈ পৰা এই উদ্যোগটোৰ নাম হ’ল নবেল টেক্সটাইল । অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ আৰু আৰ্টফেডৰ সহযোগিতা তথা সঁহাৰিৰে আৰম্ভ হোৱা এই উদ্যোগটো বৰ্তমান অসমৰ এক অন্যতম বস্ত্ৰ উদ্যোগ হিচাবে পৰিচিত হৈ পৰিছে। আৰম্ভণিতে এই উদ্যোগটোৰ জৰিয়তে আমাৰ কিছু নিত্য ব্যৱহাৰ্য বস্ত্ৰ প্ৰস্তুতকৰণৰ কামত আত্মনিয়োগ কৰা উদ্যোগী যুৱক প্ৰণৱ তালুকদাৰে ক’ভিড-১৯ ৰ সংক্ৰমণৰ সময়ছোৱাত মাক্স, পি পি ই কিট প্ৰস্তুতকৰণেৰে অসমৰ স্বাস্থ্য ক্ষেত্ৰখনলৈও অৱদান আগবঢ়াইছে । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ বস্ত্ৰ প্ৰেৰণ কৰা এই উদ্যোগে ভালেসংখ্যক স্থানীয় যুৱক-যুৱতীৰ বাবে উন্নত মানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ আহক এটি ভিডিঅ’ৰ জৰিয়তে নবেল টেক্সটাইলৰ এই সফল যাত্ৰাৰ বিষয়ে কিছু কথাৰ গম লওঁ
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে